নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত প্ৰথমজন কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৪ আগষ্ট: চিৰাঙত কালি প্ৰথমজন কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয় । চিৰাং জিলা স্বাস্থ্য বিভাগৰ তথ্যৰ আধাৰত জিলা তথ্য আৰু জনসংযোগ বিভাগে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে জিলা সদৰস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধিন হোৱা  ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত ১নং টুক্ৰাঝাৰ গাঁৱৰ বাসিন্দা প্ৰমোদ নাৰ্জাৰীৰ(৫১) হঠাতে স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰে । অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে কালি বিয়লি প্ৰমোদ নাৰ্জাৰীৰ উন্নত চিকিৎসাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

কাজলগাঁৱৰ পৰা গৈ পোৱাৰ পাছত  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত কালি সন্ধিয়া  ৫-৩০ বজাত নাৰ্জাৰীৰ মৃত্যু হয়। ২ আগষ্টত চিৰাং জিলা সদৰস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত চিকিৎসাধিন কৰাৰ এদিন পাছতে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰা প্ৰমোদ নাৰ্জাৰী চিৰাং জিলাৰ প্ৰথম জন কোভিড-১৯ পজিটিভ হৈ মৃত্যু হোৱা ব্যক্তি। অৱশ্যে জিলা স্বাস্থ্য বিভাগে নাৰ্জাৰী মধুমেহ ৰোগত আক্ৰান্ত হৈছিল বুলিও জানিবলৈ দিয়ে । উল্লেখ্য যে চিৰাঙত বৰ্তমানলৈ ২৮০ জন কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ১৯১ জনে আৰোগ্য লাভ কৰাত সম্প্ৰতি ৮৯ জনে চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে বুলি একেটা সূত্ৰই এই তথ্য প্ৰকাশ কৰিছে  ।।

You might also like