ক’ভিডক পৰাভূত কৰি নিজ গৃহলৈ উভতিল ৩ বছৰীয়া বিশাল
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট: প্ৰতিকূল পৰিস্থিতিৰ মাজতেই হৃদয় আলোড়িত কৰা এটি বাৰ্তা ৷ বিশাল দাস নামৰ তিনিবছৰীয়া শিশু এটি কিছুদিন পূৰ্বে কোভিড-১৯ত আক্ৰান্ত হৈছিল ৷ এসময়ত কৰ্কট ৰোগতো আক্ৰান্ত হৈ সুস্থ হোৱা কণমানিটিয়ে আজি কোভিড-১৯কো পৰাভূত কৰি নিজ গৃহলৈ উভতি যাবলৈ সাজু হৈছে ৷
শিশুটিক অসাধাৰণ যত্ন আৰু সুক্ষ্ম চিকিৎসাৰে সুস্থ কৰি তোলাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসককে ধৰি সমূহ কৰ্মীৰ শলাগ লৈছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷