নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন সম্পন্ন

নিয়মীয়া বাৰ্তা, ১০ আগষ্ট : তৈলচহৰ দুলীয়াজানত অৱস্হিত স্ত্ৰী-শিক্ষাৰ বাটকটীয়া স্বৰূপ দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ গৃহ বিজ্ঞান বিভাগৰ উদ‍্যোগত আৰু অসম মহাবিদ্যালয় গ্ৰন্হাগাৰিক সংস্হা চমুকৈ এ চি এল এ ৰ সহযোগত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব সন্মিলন সম্পন্ন হৈ যায় ।

যোৱা ৮ আগষ্টত অনুষ্ঠিত “Parenting support during Covid-19 lockdown ” শীৰ্ষক সন্মিলনখনিত সমল ব‍্যক্তিৰূপে উপস্হিত থাকে বাংগালোৰস্হিত ভি এইছ ডি চেন্ট্ৰেল ইনষ্টিটিউট অৱ হিউমেন চাইন্স ৰ Early Childhood Education and Administration বিভাগৰ মুৰব্বী অধ‍্যাপক ডঃ এছ মধুমতি ।

এ চি এল এ ৰ উপদেষ্টা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী এণ্ড ইনফ’ৰমেছন চাইন্স বিভাগৰ মুৰব্বী অধ‍্যাপক ডঃ সঞ্জয় কুমাৰ সিঙে উদ্বোধন কৰা ৱেবিনাৰখনত সমল ব‍্যক্তি ডঃ এছ মধুমতিয়ে অভিভাৱকৰ উপযোগীকৈ পাৱাৰ পইন্ট প্ৰেজেন্টেচন ব‍্যৱহাৰ কৰি লকডাউনৰ সময়ত অভিভাৱকে সন্তানক কেনেদৰে সাহচৰ্য প্ৰদান কৰিব লাগে, শিশু আৰু অভিভাৱকৰ মাজৰ সম্পৰ্ক, পৰিয়ালৰ ওপৰত আহি পৰা মানসিক চাপ কেনেকৈ ৰোধ কৰিব পাৰি, জীৱনশৈলী কিদৰে মজবুত কৰা হয় ইত‍্যাদিৰ ওপৰত প্ৰায় ডেৰঘন্টা জুৰি তত্বগধুৰ বক্তব্য ৰাখে ।

এ চি এল এৰ সমন্বয়ক ডঃ বীৰেন্দৰ পালে আঁত ধৰা অনুষ্ঠানটোত অংশগ্ৰহণকাৰী সকলৰ সৈতে সমল ব‍্যক্তিৰ মত বিনিময় শিতানো অনুষ্ঠিত হয়। এই শিতানতে অংশগ্ৰহণকাৰীসকলৰ বিভিন্ন প্ৰশ্নোত্তৰ সাৱলীল দৃষ্টিভংগীৰে দাঙি ধৰি সকলোকে উৎসাহিত আৰু অনুপ্ৰাণিত কৰে ।

সন্মিলনখনিৰ আৰম্ভণিতে চমু বক্তব্য আগবঢ়াই গৃহ বিজ্ঞান বিভাগৰ মুৰব্বী অধ‍্যাপক অনুমণি গগৈয়ে । আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ‍্যক্ষ ডঃ লখিমী ফুকনে । গৃহ বিজ্ঞানৰ সহকাৰী অধ‍্যাপক গীতিমা দত্তই সমল ব‍্যক্তিৰ পৰিচয় দাঙি ধৰা লগতে শলাগ জ্ঞাপন কৰে গৃহ বিজ্ঞান বিভাগৰ আন এগৰাকী সহকাৰী অধ‍্যাপক ডঃ বাণীলেখা ফুকনে ।

You might also like