চিৰাঙত অস্বাভাৱিকভাৱে বৃদ্ধি কোভিড-১৯ৰ সামাজিক সংক্ৰমণ
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: চিৰাং জিলাত অস্বাভাৱিকভাৱে কোভিড-১৯ৰ সামাজিক সংক্ৰমণ বৃদ্ধি হৈছে। কালি নিশা পৰ্যন্ত জিলাখনত এটা দিনত সৰ্বাধিক ৭২ জনক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই যোৱা নিশা কিছু পলমকৈ হ’লেও সংবাদ মাধ্যমৰ আগত এই তথ্য প্ৰকাশ কৰিছে । জিলা সদৰ কাজলগাঁৱৰ প্ৰায় গাতে লাগি থকা ঢালিগাঁও দৈনিক বজাৰত জিলা প্ৰশাসনৰ নিৰ্দেশত চিৰাং জিলা স্বাস্থ্য বিভাগে কালি ঢালিগাঁও দৈনিক বজাৰৰ ব্যৱসায়ীসকলৰ কোভিড-১৯ৰ ৰেপিড টেষ্ট কৰে। বৃহত্তৰ অঞ্চলটোৰ অতিকৈ ব্যস্ত ব্যৱসায়ীক চৌহদটোত চলোৱা ৰেপিড টেষ্টত মুঠ ২৯ জন ব্যক্তিক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰে। চিনাক্ত হোৱা সৰহভাগ ব্যক্তি পূৰ্ব লক্ষণহীন। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকল কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজ সামাজিক সংক্ৰমণৰ আশংকাত শংকিত হৈ পৰিছে। কালি পজিটিভ হিচাপে চিনাক্ত হোৱা ব্যৱসায়ী আৰু কৰ্মচাৰীসকলক স্বাস্থ্য বিভাগে লগে লগে জিলাৰ বিভিন্ন স্থানত থকা কোভিড কেয়াৰ চেন্টাৰলৈ নি আছুতীয়াকৈ ৰখাৰ লগতে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। এই বাতৰি যুগত কৰা মুহূৰ্তলৈ ঢালিগাঁও দৈনিক বজাৰত আজি নতুনকৈ ১৯ জনক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে । জিলাখনৰ সদৰ মহকুমা আৰু বিজনী মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত এই মুহূৰ্তলৈ জিলা স্বাস্থ্য বিভাগৰ বহুকেইটা স্বাস্থ্যকৰ্মীৰ গোটে ৰেপিড টেষ্ট কৰাত ব্যস্ত হৈ আছে বুলি জানিব পৰা গৈছে। কোভিড কালৰ আৰম্ভণিৰে পৰা কালি নিশাৰ ভাগলৈ জিলাখনত সৰ্বমুঠ ১৪৯৬৮ জনৰ ছোৱাব সংগ্ৰহ কৰি পৰীক্ষা কৰাৰ পাছত ৪৪১ জনক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে । তাৰ ভিতৰত ৩০০ জন সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু এজন ব্যক্তিৰ চিকিৎসাধিন অৱস্থাত মৃত্যু হৈছে । শেহতীয়াকৈ লাভ কৰা তথ্য মতে আজি ১৯ জনক সুস্থ হৈ উঠাৰ পাছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। নিশাৰ ভাগলৈ জিলা খনত কোভিড -১৯ পজিটিভ হিচাপে চিনাক্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে সৰ্বসাধাৰণ ৰাইজক শংকিত নহৈ কোভিড-১৯ ৰ চৰকাৰী নিৰ্দেশনা পালন কৰি নিজৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষাৰ হকে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাইছে।