নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ নিগামৰ বোৱাৰী দীপাক পৰিকল্পিতভাৱে হত্যা! স্বামীক ৰঙাঘৰলৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ জাগুনৰ জীয়ৰী তথা নামৰূপ থানাৰ অন্তৰ্গত নিগামৰ বোৱাৰী দীপাক স্বামীৰ দ্বাৰা পৰিকল্পিতভাৱে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি দহ বছৰ পূৰ্বে প্ৰেম বিবাহ সম্পন্ন হৈছিল নাহৰকটীয়াৰ অভিজিত সোণোৱাল আৰু মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ দীপা পাতিৰৰ মাজত। বিয়াৰ এবছৰৰ পাছতে তেওঁলোকৰ সংসাৰলৈ‌ আহিছিল এটি পুত্ৰ সন্তান। কিন্তু লাহে লাহে অভিজিত আসক্ত হৈছিল নিচাযুক্ত সামগ্ৰীৰ প্ৰতি। তেতিয়াৰ পৰাই দীপাৰ ওপৰত আৰম্ভ হৈছিল শাৰীৰিক অত্যাচাৰ। দীপাৰ নিজ ঘৰতো দীপাক স্বামীয়ে মাৰধৰ কৰা বুলি পৰিয়ালৰ লোকে আজি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। ৭ জুনৰ দিনা নিশা প্ৰায় ১১ বজাত স্বামী অভিজিতে নিচাসক্ত হৈ দীপাক গালি গালাজ কৰাৰ লগতে মাংস বনাবলৈ জোৰ কৰে। দীপাই অতিষ্ঠ হৈ মাংস বনাবলৈ গেছ বাৰ্ণাৰটো জ্বলাওঁতে হঠাৎ জুয়ে ছানি ধৰে। তাই দৌৰি বাহিৰৰ মাটিত বাগৰি জুই নুমুৱাবলৈ সক্ষম হয় যদিও গুৰুতৰভাৱে দেহত জুই লগাৰ ফলত পৰবৰ্তী সময়ত তাইক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু কিছুদিনৰ পাছত তাই অলপ সুস্থ হৈ উঠে। চিকিৎসকে দৰৱ পাতি সময় মতে যোগান ধৰাৰ নিৰ্দেশ দি তাইক স্বামীৰ সৈতে ঘৰলৈ পঠিয়াই দিয়ে। ঘৰলৈ অহাৰ পাছত স্বামীয়ে চিকিৎসকৰ নিৰ্দেশ অনুসৰি চিকিৎসা কৰাৰ পৰিবৰ্তে গাঁৱলীয়া চিকিৎসা কৰা বুলি দীপাৰ নিজ মাতৃয়ে জানিব দিছে। তেতিয়াৰ পৰা পুনৰ দীপাৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰে। নিজ জীয়ৰীৰ এই কষ্ট দেখিব নোৱাৰি মাতৃয়ে দীপাক জাগুনৰ নিজ ঘৰলৈ লৈ আহে আৰু পুনৰ ডিব্ৰুগড় চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে হাত দাঙি দিয়ে। ফলত বুধবাৰে নিশা দীপাৰ নিজ গৃহত মৃত্যু ঘটে। অভিজিতে নিজ পত্নীক পৰিকল্পিত ভাৱে হত্যা কৰিছে বুলি দীপাৰ পৰিয়ালে অভিযোগ উত্থাপিত কৰি অভিজিতৰ বিৰুদ্ধে জাগুন থানা আৰু নামৰূপ থানত এজাহাৰ দাখিল কৰাত যোৱানিশা নামৰূপ আৰক্ষীয়ে অভিযুক্ত স্বামীক নামৰূপ থানা গোচৰ নং ১১৬ /২০, ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২, ৩০৭, ২২৬এ ত পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ আজি প্ৰেৰণ কৰে। আজি দীপাৰ মৃত্যুৰ খবৰ বিয়পি পৰাত নামৰূপৰ নিগাম আৰু মাৰ্ঘেৰিটা মহকুমাৰ জাগুন অঞ্চলত শোকৰ ছাঁ‌ পৰাৰ লগতে দুয়োটা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

You might also like