নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চুক্তিৰ ৬নং দফাত লিপিবদ্ধ নহ’ল শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ একো আঁচনি, সংবাদমেলত ক্ষোভ শ্বহীদ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফাত লিপিবদ্ধ নহ’ল অসম আন্দোলনৰ শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ একো আঁচনি। এই লৈ আজি এখন সংবাদমেলযোগে নিজৰ ক্ষোভ ব্যক্ত কৰিলে সদৌ অসম শ্বহীদ-নিৰ্যাতিত পৰিয়াল পৰিষদৰ বিষয়ববীয়াই।
জাগীৰোডত এখন সংবাদমেল সম্বোধন কৰি পৰিষদৰ ৰাজ্যিক সমিতিয়ে কয় যে ইতিমধ্যে প্ৰতিবেদন ৰাজহুৱা হোৱা অসম চুক্তিৰ ৬ নং দফাত শ্বহীদ-নিৰ্যাতিত পৰিয়ালৰ বাবে কৰ্ম সংস্থাপন, স্থায়ী নিযুক্তি, আসন সংৰক্ষণকে ধৰি শ্বহীদ পৰিয়ালৰ কল্যাণৰ হকে একো আঁচনি অন্তৰ্ভুক্ত নহ’ল। উল্লেখযোগ্য যে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিছে অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন। সংবাদমেলত তেওঁলোকে কয় যে আগন্তুক স্বাধীনতা দিৱসৰ দিনা শ্বহীদ পৰিয়ালৰ বাবে নিযুক্তিকে ধৰি যদি অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে সেইদিনাৰ পৰাই আমৰণ অনশনত বহিব শ্বহীদ পৰিয়াল। আজিৰ সংবাদমেলত উপস্থিত থাকে সদৌ অসম শ্বহীদ-নিৰ্যাতিত পৰিয়াল পৰিষদৰ মুখ্য সম্পাদক মানিক চন্দ্র দেৱনাথ, নগাঁও জিলাৰ সম্পাদক জয়ন্ত শইকীয়া, পশ্চিম কাৰ্বি আংলঙৰ সম্পাদক কোনোৰাম ৰংহাং, ৰাজ্যিক সদস্য ঘনশ্যাম বৰা প্ৰমুখ্যে অন্যান্য বিষয়-ববীয়া। অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে যি উচ্চ স্তৰীয় কমিটি গঠন কৰি চুক্তি ৰূপায়ণৰ যি পদক্ষেপ ল’লে তাৰ বাবে শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে আন্তৰিক অভিনন্দন জনাইছে যদিও পৰিষদৰ দাবী সমূহ শীঘ্রে কাৰ্যকৰী কৰিবলৈ আৰু পৰিষদৰ ৩১০ জন সদস্য-সদস্যাক বিভিন্ন বিভাগত নিযুক্তি দিবলৈ দাবী জনাইছে আজিৰ সংবাদমেলত।

You might also like