স্বাধীনতা দিৱসত নাথাকিব সাপ্তাহিক লক লাউন
নিয়মীয়া বাৰ্তা, ১৪ আগষ্টঃ ১৫ আগষ্টত নাথাকিব লক ডাউন। স্বাধীনতা দিৱস উপলক্ষে এই সিদ্ধান্ত চৰকাৰৰ। ৰাজ্য চৰকাৰৰ হৈ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এই নিৰ্দেশনা। জনসাধাৰণে যাতে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে সেই উপলক্ষে কাইলৈ পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ নাথাকিব লক ডাউন। যিহেতু শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লক ডাউন আছিল ৰাজ্যত।
অৱশ্যে লক ডাউন উঠাই ল’লেও সকলোৱে মানিব লাগিব কভিডৰ নিয়মাবলী। মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগিব।