নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ “ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল ভাৰতবাসীৰেই নহয়, বিশ্বৰ মানৱ সমাজৰ ইতিহাসৰো এক গৌৰৱোজ্জ্বল অধ্যায় ৷ স্বাধীনতা দিৱসৰ আজিৰ এই পৰম পৱিত্ৰ দিনটোত মৰিগাঁৱত পতাকা উত্তোলন কৰিবলৈ পাই কৃতাৰ্থবোধ কৰিছো ৷”– মৰিগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
স্বাধীনতা দিৱসৰ এই চৰকাৰী কাৰ্যসূচীতে মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলনৰ পাছত ভাষণ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্রতিটো পৰিয়ালক ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্রতিমাহতে অৰুণোদয় আঁচনিৰ জৰিয়তে ৮৩০ টকাকৈ বেংকৰ জৰিয়তে প্রদান কৰা হ’ব৷ লগতে হিতাধিকাৰীসকলক ঔষধ, ৰেচন, চেনি আদি ক্রয় কৰিব পৰাকৈ এই সাহায্য প্রদান কৰা হ’ব বুলি মন্তব্য কৰে ।