নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দেশে উদযাপন কৰিছে ৭৪ সংখ্যক স্বাধীনতা দিৱস, লালকিল্লাত পতাকা উত্তোলন প্ৰধানমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ   আজি দেশে উদযাপন কৰিছে ৭৪ সংখ্যত স্বাধীনতা দিৱস। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণৰ জৰিয়তে কৰোনা ভাইৰাছত প্ৰাণ হেৰুওৱা লোকসকলক স্মৰণ কৰে ৷ লগতে এই যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়া যোদ্ধাসকলক চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে মোডীয়ে ৷

আনহাতে প্ৰধানমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰিছে। শক্তি, মহাকাশ বিজ্ঞান, স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে চহকী ভাৰত। প্ৰধানমন্ত্ৰীগৰাকীয়ে মানৱ সম্পদৰ বিকাশৰ গুৰুত্ব প্ৰদান কৰিছে। যিদৰে আত্মনিৰ্ভৰ ভাৰতত প্ৰত্যাহ্বান আছে ঠিক তেনেদৰে শক্তিও আছে ভাৰতৰ হাতত।

প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

আনহাতে লালকিল্লাৰ পৰাই দেশবাসীক কৰোনা ভেকচিনৰ সন্দৰ্ভত কয় যে ভেকচিনৰ ৩টা পৰীক্ষা বিভিন্ন পৰ্যায়ত আছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে নেচলেন ডিজিটেল হেলথ মিছৰ সন্দৰ্ভত কয় যে ভাৰতৰ স্বাস্থ্যখণ্ডলৈ নতুন গতি আনিব। প্ৰতিখন ৰাজ্য,প্ৰতিজন ৰোগী, আপোনাক কোনজন ডাক্তৰে কি ঔষধ দিলে, কেতিয়া দিলে, আপোনাৰ ৰিপৰ্ট কি আহিল, এই সকলো তথ্য এটা মাত্ৰ হেলথ আই ডিত অন্তৰ্ভুক্ত হৈ থাকিব।

You might also like