অসমত চাকৰিত নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা ৪০ বছৰলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ “আমাৰ দুৰ্নীতি বিৰোধী পদক্ষেপে জনসাধাৰণ আৰু প্ৰশাসনৰ মাজত আস্থা আৰু বিশ্বাসৰ সাঁকো অধিক শক্তিশালী কৰিছে। ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ আৰু মেধাৰ ভিত্তিত ২০১৬-১৭ বৰ্ষৰপৰা ৩৮,০০০ যুৱক-যুৱতীক চৰকাৰী চাকৰিত স্থায়ী নিযুক্তি প্ৰদান কৰিছে।”- ৭৪ তম স্বাধীনতা দিৱসত গুৱাহাটীৰ জজ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
ভাষণ প্ৰসংগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ নিবনুৱা যুৱক-যুৱতীসকলক অধিক সুযোগ প্ৰদানেৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা পূৰ্বৰ ৩৮ বছৰৰপৰা ৪০ বছৰলৈ বৃদ্ধিৰ এক বিশেষ ঘোষণা কৰে ।
ইপিনে শেহতীয়াকৈ ৰাজ্য চৰকাৰে ১৯৭ খন হাইস্কুল, ৯ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৪৯ খন কনিষ্ঠ মহাবিদ্যালয় আৰু ২৭ খন মহাবিদ্যালয় তথা ৪,০৯০টা শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিটো বাসগৃহত নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে ‘জলজীৱন অভিযান’ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি ৰাজ্যত এই অভিযানৰ অধীনত চলিত বৰ্ষত ১৩.১৫ লাখ বাসগৃহত নল সংযোগ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
লগতে ৰাজ্যৰ বনাঞ্চল বৃদ্ধি কৰি প্ৰদূষণমুক্ত অসম গঢ়াৰ দিশত বিগত বছৰসমূহত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
মৈত্ৰী আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ আৰক্ষী বিভাগক অধিক শক্তিশালী কৰিবলৈ এই আঁচনিৰ অধীনত ৰাজ্যৰ থানাসমূহৰ পুনৰ নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে বুলি কয় ।
ইতিমধ্যে ৰাজ্য চৰকাৰে থলুৱাৰ স্বাৰ্থৰ অনুকূলে এখন নতুন ভূমি নীতি প্ৰস্তুত কৰিছে বুলি মন্তব্য কৰি ৰাজ্যৰ ১ লাখ ভূমিহীন থলুৱা পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰি ৪৫,২৬১টা থলুৱা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা আৰু অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে বুলিও স্বাধীনতা দিৱসৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে ।