নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিক পদক অৰ্জননত গুৰুত্ব আৰোপ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিষয়ববীয়া তথা বিভিন্ন ক্ৰীয়া সংগঠক টীম অসমৰ ধাৰণাৰে কাম কৰাৰ বাবে আহ্বান জনায়, যাতে ১০-১২ জানুৱাৰীত গুৱাহাটীত হবলগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীয়া প্ৰতিযোগিতাত ৰাজ্যখনে অধিক পদক অৰ্জন কৰিব পাৰে। বুধবাৰে গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীয়া চৌহদৰ সভাগৃহত অসম অলিম্পিক সন্থাৰ দ্বিতীয় খন কাৰ্যকৰী সমিতিৰ বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে লগতে কয় যে খেলো ইণ্ডিয়া যুৱ ক্ৰীয়া প্ৰতিযোগিতাখন সৰ্বাত্মক ৰূপত সফল কৰাৰ বাবে বিভিন্ন বিষয়ববীয়া আৰু সকলো ক্ৰীয়া সংস্থাই ঐক্যবদ্ধভাৱে প্ৰচেষ্টা চলাব লাগিব। এই ক্ৰীয়া প্ৰতিযোগিতাখন যিহেতু এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব, সেয়েহে প্ৰতিযোগিতাখনত অসমে যাতে নিশ্চিত কৰাৰ বাবেও সকলো ক্ৰীয়া সংস্থাই উমৈহতীয়াকৈ কাম কৰিব লাগিব বুলিও তেওঁ কয়। বুধবাৰে বৈঠকতে মুখ্যমন্ত্ৰীয়ে এই ক্ৰীয়া প্ৰতিযোগিতাত অন্তুৰ্ভুক্ত হোৱা ২০ টা ক্ৰীড়া শাখাৰ প্ৰস্তুতিৰো বুজ লোৱাৰ উপৰিও এই শাখাসমূহত অৱতীৰ্ণ হবলগীয়া খেলুৱৈসকলক সকলোধৰণৰ অত্যাধুনিক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা লবলৈও বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। ৩০ নৱেম্বৰত সৰুসজাই ক্ৰীয়া প্ৰকল্পত প্ৰতিযোগিতাখনৰ লগ’ উন্মোচনী কাৰ্যসূচীত সকলো ক্ৰীয়া সন্থাৰ যোগদান নিশ্চিত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

You might also like