গৌৰৱান্বিত ধোনীপত্নী সাক্ষী
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ভাৰতীয় ক্রিকেটৰ অন্যতম সফল অধিনায়ক তথা উইকেটৰক্ষক মহেন্দ্র সিং ধোনীৰ অৱসৰৰ সিদ্ধান্তই আৱেগিক কৰি তুলিছে তেওঁৰ পত্নী সাক্ষী সিং ধোনীক৷ ধোনীক অনাগত ভৱিষ্যতৰ শুভেচ্ছা জ্ঞাপন কৰি সাক্ষীয়ে আজি টুইটাৰত কৈছে যে দেশৰ বাবে তুমি অর্জন কৰা সাফল্যক লৈ আমি গৌৰৱান্বিত৷ ক্রিকেটৰ প্রতি তোমাৰ ত্যাগ, উৎসর্গিত মনোভাব আৰু কঠোৰ পৰিশ্রমে আমাক সদায় অনুপ্রাণিত কৰি যাব৷ উল্লেখ্য যে লকডাউনৰ বাবে প্রায় পাঁচ মাহ ধৰি পৰিয়ালৰ সৈতে সময় কটোৱা ধোনীয়ে আইপিএলৰ প্রস্তুতি শিবিৰৰ বাবে চেন্নাইলৈ অহাৰ এদিন পিছতে আন্তঃৰাষ্ট্রীয় ক্রিকেটক বিদায় জনোৱাৰ সিদ্ধান্ত লয়৷ স্বাধীনতা দিৱসৰ সন্ধিয়া অনুৰাগীক হতচকিত কৰি ধোনীয়ে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰাৰ পিছতে ক্রিকেটাৰগৰাকীৰ পত্নী সাক্ষীয়ে ইনষ্টাগ্রামত কয় যে ক্রিকেট তোমাৰ প্রথম প্রেম৷ তোমাৰ প্রেম আৰু পেছনক বিদায় জনোৱাৰ এই মুহূর্তত তুমি আৱেগ ধৰি ৰাখিব পাৰিবা বুলি মোৰ বিশ্বাস আছে৷