ক’ভিডৰ পৰা আৰোগ্য ৯৮ বছৰীয়া ছাকপাল
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ দ্বিতীয় বিশ্বযুদ্ধত ব্রিটিছ বাহিনীৰ হৈ অংশগ্রহণ কৰি প্রাক্তন চিপাহী ৰামু লক্ষ্মণ ছাকপাল ক’ভিড–১৯ৰ পৰা মুক্ত হৈছে৷ ৯৮ বছৰীয়া বিশ্বযুদ্ধৰ প্রাক্তন সৈনিকগৰাকীক কেইসপ্তাহমান পূর্বে হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ভাৰতীয় নৌসেনাৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ উল্লেখনীয় যে নেৰুলৰ বাসিন্দা ছাকপালক অতি সংকটজনক অৱস্থাত ন’ভেল হাস্পতাল শ্বিপ অশ্বিনীত ভর্তি কৰোৱা হৈছিল৷ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে নিউম’নিয়াই লগ দিছিল ছাকপালক৷ কালি হাস্পতালখনৰ তৰফৰ পৰা সুস্থ ছাকপালক উষ্ম অভিনন্দনসহ বিদায় জনোৱা হৈছিল৷ স্মর্তব্য যে ন’ভেল হাস্পতাল শ্বিপ অশ্বিনী হৈছে নৌ, বায়ু, স্থলসেনা আৰু উপকূলৰক্ষীৰ প্রাক্তন সৈনিকসকলৰ বাবে অস্থায়ীভাৱে গঢ়ি তোলা এখন ক’ভিড হাস্পতাল৷