নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ চীনৰ ৱুহানত প্রাদুর্ভাৱ ঘটা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংহাৰলীলা অব্যাহত আছে সমগ্র বিশ্বতে৷ প্রতিটো ক্ষণতে মাৰাত্মক ভাইৰাছত আক্রান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে৷ ইয়াৰ মাজতে সমগ্র বিশ্ববাসীক এক ভয়ংকৰ বার্তা দিলে মালয়েছিয়া স্বাস্থ্য মন্ত্রালয়ে৷ দেশখনৰ চৰকাৰৰ দাবী ক’ভিড–১৯তকৈও আৰু বেছি মাৰাত্মক ক’ৰোনা ১ ভাইৰাছৰ প্রজাতি বা ষ্ট্রেনৰ সন্ধান পোৱা গৈছে৷ ‘ডি৬১৪জি’ নামৰ ক’ৰোনা ভাইৰাছৰ এই নতুন প্রজাতিটো ‘ছার্ছ–কোভ–২’তকৈও ১০গুণ বেছি মাৰাত্মক বুলি দাবী কৰিছে মালয়েছিয়াৰ স্বাস্থ্য মন্ত্রালয়ৰ সঞ্চালকপ্রধান নুৰ হিছাম আব্দুল্লাই৷ ছ’চিয়েল মিডিয়াত সঞ্চালকপ্রধান আব্দুল্লাই দাবী কৰা অনুসৰি সম্প্রতি মালয়েছিয়াত ‘ডি৬১৪জি’ সংক্রমণৰ তিনিটা ঘটনাৰ সন্ধান পোৱা গৈছে৷ ভাৰতৰ পৰা উভতি যোৱা মালয়েছিয়াৰ এজন নাগৰিকৰ দেহত ‘ডি৬১৪জি’ৰ অস্তিত্ব প্রমাণিত হয়৷ তদুপৰি মালয়েছিয়াৰ এজন ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰৰ শৰীৰতো পোৱা গৈছে ক’ৰোনা ভাইৰাছৰ এই মাৰাত্মক প্রজাতি৷ সেইদৰে ফিলিপাইন্স ভ্রমণ কৰি উভতি অহা লোকো এই নতুন প্রজাতিৰ দ্বাৰা সংক্রমিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ মালয়েছিয়াৰ স্বাস্থ্য মন্ত্রালয়ৰ সঞ্চালকপ্রধানজনে এই প্রসংগত এক গুৰুত্বপূর্ণ মন্তব্য কৰিছে৷ তেওঁৰ মতে বর্তমান সমগ্র বিশ্বতে ক’ভিড–১৯ৰ প্রতিষেধক আৱিষ্কাৰৰ বাবে নিৰলস গৱেষণা অব্যাহত আছে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ এই নতুন প্রজাতিৰ বিৰুদ্ধে এই গৱেষণা কিমান সফলকাম হ’ব, তাক লৈ সংশয় আছে৷ আনকি ৰাছিয়াই ক’ৰোনা ভাইৰাছৰ প্রথমটো ভেকচিন আৱিষ্কাৰৰ দাবী কৰি সমগ্র বিশ্বকে চমকিত কৰিলেও মালয়েছিয়াৰ এই দাবীৰ পাছত ‘স্পুটনিক–ভি’ কিমান কার্যক্ষম হ’ব, তাক লৈ নতুন প্রশ্ণৰ উদ্ভৱ হৈছে৷ অৱশ্যে মালয়েছিয়াৰ স্বাস্থ্য মন্ত্রালয়ৰ সঞ্চালকপ্রধান আব্দুল্লাই ছ’চিয়েল মিডিয়াত কৈছে যে বর্তমানপর্যন্ত জনস্বাস্থ্যৰ ওপৰত দ্রুত নজৰ ৰাখিবলৈ দুটা ক্লাষ্টাৰত ইয়াৰ সংক্রমণ নিয়ন্ত্রণলৈ অনা হৈছে৷ অৱশ্যে এয়া প্রাথমিক পর্যায়ৰ পৰীক্ষাহে৷ অন্য বহু কেছৰ ক্ষেত্রত পৰীক্ষা বর্তমানেও প্রক্রিয়াধীন হৈ আছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল– অকল মালয়েছিয়াতেই নহয়, ইউৰোপ আৰু আমেৰিকাতো ক’ৰোনা ভাইৰাছৰ মিউটেছনৰ অস্তিত্ব পোৱা গৈছে৷ ইফালে ক’ভিড–১৯তকৈও ক’ৰোনা ভাইৰাছৰ ১০গুণ বেছি মাৰাত্মক প্রজাতিৰ সন্ধান পোৱা বুলি মালয়েছিয়া চৰকাৰে দাবী কৰিলেও এইক্ষেত্রত আতংকিত নহ’বলৈ কৈছে বিশ্ব স্বাস্থ্য সংস্থাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ক’ৰোনা ভাইৰাছৰ নতুন প্রজাতিটো আৰু ভয়াৱহ ৰোগ সৃষ্টিৰ কাৰক হ’ব বুলি বর্তমানপর্যন্ত কোনো ধৰণৰ প্রমাণ পোৱা নাই৷