নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি অমান্যৰে চিটীবাছত যাত্রীৰ ভিৰ

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ সুদীর্ঘ প্রায় ছমাহৰ মূৰত আজি গুৱাহাটী মহানগৰী স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা পৰিলক্ষিত হয়৷ ক’ৰোনা মহামাৰীৰ মাজতে স্তব্ধ হৈ পৰা গুৱাহাটী মহানগৰীত আজি আনলক শিথিলতাৰ সুযোগ লৈ হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে৷ যান–বাহন চলাচলৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান মুকলিৰ ক্ষেত্রত চৰকাৰ প্রশাসনে ঘোষণা কৰা কঠোৰ নীতি–নিয়ম কিছু শিথিল কৰাত আজি ৰাজপথত হাজাৰ হাজাৰ লোকে যান–বাহন লৈ ওলাই আহে৷ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত ব্যাপক যান–জঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়৷ ইয়াৰ সমান্তৰালকৈ নির্দিষ্ট নীতি–নিয়মৰ মাজত গুৱাহাটীৰ শ্বপিং মল আৰু অন্যান্য ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ বাবে প্রশাসনে অনুমতি প্রদান কৰাত হাজাৰ হাজাৰ গ্রাহকে আজি বজাৰত ভিৰ কৰে৷

মহানগৰীৰ শ্বপিং মলৰ লগতে ফাঁচীবজাৰত আজি সামগ্রী ক্রয় কৰিবলৈ শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হয়৷ ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে সামাজিক দূৰত্বক ভেঙুচালি কাৰি মাস্ক পৰিধান নকৰাকৈ একাংশ লোকে বজাৰত ভিৰ কৰে৷ জিলা প্রশাসন তথা অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বান্ধি দিয়া ক’ভিড–১৯ৰ প্রট’কল উলংঘা কৰি আনলক–৩ৰ আৰম্ভণিতে মহানগৰীৰ বজাৰত গ্রাহকে ভিৰ কৰাত সচেতন মহলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইপিনে, মহানগৰীত দীর্ঘদিনৰ পাছত চলাচল কৰিবলৈ অনুমতি প্রদান কৰা একাংশ চিটীবাছতো যাত্রীসকলে ক’ভিড প্রট’কল উলংঘা কৰা পৰিলক্ষিত হয়৷ একাংশ চিটীবাছ চালকে কামৰূপ মহানগৰ জিলা প্রশাসনে বান্ধি দিয়া নীতি উলংঘা কৰি যাত্রী কঢ়িওৱা পৰিলক্ষিত হয় যদিও যান–বাহন আৰক্ষীয়ে এইক্ষেত্রত নীৰৱ দর্শকৰ ভূমিকা পালন কৰে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি জিলা পৰিবহণ বিভাগে ৰাজপথত চলাচল কৰা চিটীবাছত ৫০ শতাংশ যাত্রী কঢ়িওৱাৰ বাবে অনুমতি প্রদান কৰে যদিও একাংশ চিটীবাছত ক’ভিড–১৯ প্রট’কল উলংঘা কৰি যাত্রী কঢ়িওৱা পৰিলক্ষিত হয়৷

You might also like