নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত অবৈধ কাঠফলা মিল জব্দ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে বন বিভাগে অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত পেনাই গাঁৱত অবৈধভাৱে চলাই থকা এটা কাঠ ফলা মিল বন বিভাগে জব্দ কৰে।

জানিব পৰা মতে, শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া নেপাল মণ্ডলৰ নিৰ্দেশত বন পালক কুলেন্দ্ৰ ভূঞাৰ নেতৃত্বত যোৱা এটা বন কৰ্মী দলে পেনাই অঞ্চলত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই আমিৰ আলী নামৰ লোকজনৰ অবৈধ কাঠ ফলা মিলটো জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে,কলিয়াবৰ সমষ্টিৰ বৰঘুলিত বন বিভাগৰ দলটোৱে অভিযান চলাই চাইফুল ইছলাম নামৰ লোকজনৰ এটা অবৈধ বেণ্ড শ্ব মিল জব্দ কৰে। বন বিভাগৰ অভিযানকাৰী দলটো যোৱাৰ কথা গম পাই আমিৰ আৰু চাইফুলে পলায়ন কৰে।

জব্দ কৰা কাঠ ফলা মিল দুটাৰ যন্ত্ৰপাতিসমূহ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে।

You might also like