চিৰাং জিলাৰ টুক্ৰাঝাৰত ইউপিপিএল দলৰ নিৰ্বাচনী সভা
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট: বিগত ৪ এপ্ৰিলতে অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ পৰিষদীয় নিৰ্বাচন ক’ভিড-১৯ ভাইৰাছৰ গণ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে নিৰ্দিষ্ট সময়ত অনুষ্ঠিত কৰাৰ পৰা চৰকাৰ তথা ৰাজ্যিক নিৰ্বাচনী আয়োগ বিৰত আছিল। অতিশেহতীয়াকৈ ৰাজ্যিক নিৰ্বাচনী আয়োগে বিটিচিৰ চাৰিওখন জিলাৰ উপায়ুক্তৰ পৰা ভোটকেন্দ্ৰ আৰু কেন্দ্ৰসমূহৰ ভোটাৰৰ সংখ্যা অনুপাতে আন্তঃগাঁথনি সম্পৰ্কে তথ্যসম্বলিত প্ৰতিবেদন বিচৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে। ভোটযুদ্ধৰ আখৰা হিচাপে আজি চিৰাঙৰ টুক্ৰাঝাৰত নিৰ্বাচনী ৰণডংকা বজায় ইউপিপিএল দলে। ১৪-নং চিৰাং দুৱাৰ(জনজাতি) পৰিষদীয় সমষ্টিত ইউপিপিএল দলে এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। সভাত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো উপস্থিত হৈ বিপিএফ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু লগতে আগন্তুক বিটিচি নিৰ্বাচনত ইউপিপিএল দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। আজিৰ সভাত বিপিএফ, এন ডি এফ বি (আৰ)ৰ লগতে বিভিন্ন দল সংগঠনৰ পৰা শতাধিক লোকে ইউপিপিএল দলত যোগদান কৰে। ইউপিপিএলত যোগদান কৰা লোকসকলক ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো আৰু ১৪নং চিৰাং দুৱাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী বি আৰ ফেৰেংগাই। সভাত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই ভাষণত কয় যে বিটিএডিৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। কাৰণ বিগত ১৭টা বছৰে কোনো উন্নয়ন নহ’ল। বঙাইগাঁৱত যিসমূহ ব্যক্তিগত চিকিৎসালয় আছে সেই চিকিৎসালয় ষসমূহত নেতাসকলে অংশীদাৰ হৈ আছে কিন্তু চিৰাঙৰ কাজলগাঁৱত থকা অসামৰিক চিকিৎসালয়খনৰ পয়ালগা অৱস্থা। অসামৰিক চিকিৎসালয়ৰ অান্তঃগাঁথনি ভাল, কিন্তু চিকিৎসকৰ অভাৱ। নিৰ্বাচনৰ প্ৰাকমুহূর্তত বিটিএডিত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাক লৈ প্ৰমোদ বড়োক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়- আমি ভাল পাইছো, প্ৰশাসনক ধন্যবাদ দিছো। এই অঞ্চলত কোনো সাধাৰণ মানুহৰ হাতত অস্ত্ৰ থাকিব নালাগে। সেয়েহে প্ৰশাসনে অধিক কঠোৰ হৈ অবৈধভাৱে মজুত ৰখা মাৰণাস্ত্ৰসমূহ উদ্ধাৰ কৰক বুলি ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে মন্তব্য কৰে।