বাঘজান বিজিএন-৫ ত পুনৰ অথন্তৰ ! খাদৰ কিলিং অভিযান ব্যৰ্থ
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : অইল ইণ্ডিয়া বাঘজান বি জি এন -৫ ত পুনৰ অঘটন । কালি কূপৰ মুখত কেপিং বি অ’ পি ষ্টেক সফল স্হাপনৰ পাছতেই আজি খাদটোৰ কিলিং অভিযানত লাগিল কেণা । আজি পুৱাৰে পৰা বিশেষজ্ঞ দলে মাডপাম্পৰ সহায়ত বিঅ’পিটোৰ সৈতে সংযুক্ত হৈ থকা হাইপ্ৰেচাৰ পাইপলাইনেৰে খাদৰ ভিতৰলৈ ড্ৰিলিং ফ্লুইড অৰ্থাৎ কেমিকেলযুক্ত মাড ঠেলি অতি উচ্চচাপত নিৰ্গত গেছখিনি ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাওঁতে নষ্ট হয় ১৩.৩/৮ ইঞ্চিৰ কেচিং ভাল্ব ।
অইলৰ সূত্ৰ অনুসৰি ভূ-গৰ্ভৰ পৰা ৪৫০০ পি এচ আই চাপত নিৰ্গত কণ্ডেনচেট তেলযুক্ত গেছখিনিক ৰোধ কৰিবলৈ খাদৰ কিছু নিলগৰ পৰা ১০০ পাউণ্ডযুক্ত ড্ৰিলিং ফ্লুইডখিনি (মাড) পাম্পৰ যোগেদি ভিতৰলৈ ঠেলা অৱস্হাত মাডৰ অত্যাধিক হেচাঁত খাদৰ ওপৰিভাগত থকা কেচিং ভাল্ব নষ্ট হোৱাৰ লগতে মাডৰ সৈতে বাহিৰলৈ ওলাই আহে বুল প্লাগ । ফলত কেমিকেলযুক্ত মাডখিনি গন্তব্যস্হানত গৈ নপৰাৰ লগতে ভাল্বটো নষ্ট হৈ যোৱাৰ ফলত কূপৰ মুখেদি গেছ নিৰ্গত হ’বলৈ ধৰে । নিৰ্গত গেছখিনিত পুনৰ অগ্নিৰ সূত্ৰপাত ঘটে যদিও কৰ্মীসকলে অহৰহ পানী নিক্ষেপ কৰি জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ।
ইফালে মাড পাম্পৰ সমান্তৰালভাৱে বিঅ’পি ষ্টেকৰ সৈতে সংযুক্ত ৰাইজাৰ মুখেদি ওলাই থকা গেছখিনিক নিয়ন্ত্ৰিত ৰূপত চাৰে চাৰি ইঞ্চি প্ৰডাকচন পাইপ লাইনেদি ডাইভাৰ্ট কৰি বাঘজান ইপিএছলৈ কঢ়িয়াই ফ্লেয়াৰ পিটত জ্বলাই দিছিল । কিন্তু কিলিং অভিযানত অথন্তৰ ঘটাত লগে লগে ফ্লেয়াৰ পিটলৈ যোৱা গেছ বন্ধ কৰি দিয়াত পুনৰ পূৰ্বৰ গতিৰে ৰাইজাৰ মুখেদি গেছ নিৰ্গত হ’বলৈ ধৰে । এই ঘটনাৰ পাছত পুনৰ কিলিং অভিযানৰ বাবে কৌশলী প্ৰচেষ্টা অব্যাহত ৰাখিছে বিশেষজ্ঞসকলে । অৱশ্যে যেতিয়ালৈকে কিলিং অভিযানত বেক প্ৰেচাৰ শূণ্যলৈ নকমে সেই পৰ্যন্ত খাদটোত কিলিং অভিযান অব্যাহত ৰাখিব লাগিব বুলি জনাইছে অইলৰ সূত্ৰই ।
উল্লেখযোগ্য যে বাঘজান কাণ্ডৰ ৮৩ দিনীয়া এটা দীঘলীয়া পৰিক্ৰমাৰ অন্ততঃ সম্পূৰ্ণ তৃতীয়বাৰ প্ৰচেষ্টাত ছিংগাপুৰ এলাৰ্ট ডিজেষ্টাৰ কোম্পানীৰ বিশেষজ্ঞ মেথিউ কৰ্নছ আৰু মাইকেল আৰ্নেষ্ট অ’লক্ৰণৰ লগতে অইল, অ’এনজিচি আৰু শ্লামবাজাৰ প্ৰতিষ্ঠানে বাঘজান বিজিএনৰ -৫ ত কালিৰ দিনটোত সুকলমে বি অ’ পি ষ্টেক স্হাপন কৰে যদিও আজিৰ খাদৰ কিলিং অভিযানত এই অথন্তৰ ঘটিল । আনহাতে এলাৰ্টৰ দুই বিশেষজ্ঞক বাঘজান ক্ষেত্ৰত সহযোগ আগবঢ়াইছে ক্ৰমে স্মিথ নাথান লিৱিছ, গ্ৰেগ’ৰী ৱাৰেণ আয়াৰ্ছ, আদাম ডেভিড কেপলাৰ আৰু জেমছ স্প্ৰীনজাৰ । ইতিমধ্যে গৃহামুখী হোৱা এলাৰ্টৰ পূৰ্বৰ চাৰিগৰাকী বিশেষজ্ঞৰ স্হলাভিষিক্ত কানাডা আৰু আমেৰিকাৰ পৰা বাঘজান ক্ষেত্ৰত উপস্হিত হোৱা এই চাৰিগৰাকী বিশেষজ্ঞ ।
দেশৰ ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডক ভাগ্যয়েও যেন লগ দিয়া নাই । কালিৰ কিছু সফলতাৰ খৱৰ পাছতেই আজি আহিল ব্যৰ্থতাৰ খৱৰ । ইফালে ক্ষুদ্ধ একাংশ লোকে বলপূৰ্বকভাৱে বাঘজান ই পি এচ-ৰ সৈতে সংযোগ থকা তেল আৰু গেছকূপসমূহ লগতে কিছুসংখ্যক ড্ৰিলিং ক্ষেত্ৰ আৰু ৱৰ্কঅভাৰ ক্ষেত্ৰত অবিৰত বাধা প্ৰদান কৰি অহাত উৎপাদন প্ৰক্ৰিয়াত অইলৰ যথেষ্ট ক্ষতিসাধন হৈছে বুলি অইলে বিবৃতিৰ যোগে জানিবলৈ দিছে ।