নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰডুমচাত লোমহৰ্ষক হত্যাকাণ্ডঃ দলবদ্ধ আক্ৰমণত প্ৰাণ গ’ল এজনৰ; ৮ জন হত্যাকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অন্তৰ্গত হোলোং গুটিবাৰী গাঁও নিৱাসী এজন ৫২ বছৰীয়া লোকক ১০ জন লোকে উপৰ্যুপৰি প্ৰহাৰ কৰি, গছকি- ফেনেকি হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

ঘটনাৰ বিৱৰণী মতে যোৱা ১৫ আগষ্ট তাৰিখৰ সন্ধ্যাই হোলোং গুটিবাৰী গাঁও নিৱাসী প্ৰদীপ শইকীয়াৰ পুত্ৰ বাস্ত শইকীয়া নামৰ কিশোৰজনক একে গাঁৱৰে ভৱেন গগৈ নামৰ ব্যক্তিজনে ‘পঢ়াশুনা নকৰি কিয় ঘূৰি ফুৰিছ’ বুলি প্ৰশ্ন কৰাত দুয়োজনৰ মাজত বিতৰ্কৰ সূচনা হয়। কিশোৰজনৰ তেনে আচৰণত ক্ষুব্ধ হৈ সুৰাসক্ত ভৱেন গগৈয়ে তেওঁক এছাৰিৰে এটা কোব সোধাই দিয়ে। তাকে লৈ কিশোৰজনৰ অভিভাৱকসহ এদল লোকে ভৱেন গগৈৰ ঘৰলৈ গৈ কিশোৰজনক প্ৰহাৰ কৰাৰ কাৰণ সন্দৰ্ভত আলোচনা কৰে।

উক্ত আলোচনা পৰিশেষত ৰণক্ষেত্ৰলৈ পৰ্যৱসিত হয়। দহজন ব্যক্তিয়ে ভৱেন গগৈ নামৰ ব্যক্তিজনৰ ওপৰত জপিয়াই পৰে। অভিযোগ অনুসৰি জগৎ শইকীয়া নামৰ যুৱকজনে জোতাৰে গছকি গছকি হাত- ভৰি বন্ধা অৱস্থাত থকা ভৱেন গগৈৰ নাড়ী- ভুৰু বিকল কৰি পেলায়। অৱশেষত মুমূৰ্ষ অৱস্থাত ভৱেন গগৈক এৰি দলটো ঘৰাঘৰি যোৱাৰ পাছত পৰিয়ালৰ লোকে ভৱেন গগৈক প্ৰথমে স্থানীয় চিকিৎসালয় সমূহলৈ নিয়ে যদিও গুৰুতৰ ভাৱে আহত ভৱেনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে।

ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত ভৱেনে যোৱা ১৭ আগষ্টত মৃত্যুক আঁ‌কোৱালি ললে। ভৱেনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বৰডুমচা আৰক্ষীয়ে কালি ভৱেনৰ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰি হত্যাকাণ্ডৰে জড়িত সোণেশ্বৰ শইকীয়া, ৰবীন শইকীয়া, লাচিত শইকীয়া, প্ৰদীপ শইকীয়া, জগত শইকীয়া, আনন্দ শইকীয়া, সুৰজিৎ শইকীয়া আৰু বাস্ত শইকীয়া(নাবালক)ক আটক কৰে যদিও দেৱজিৎ শইকীয়া আৰু বিতোপন শইকীয়া নামৰ লোকদুজন পলাতক অৱস্থাত আছে।

ভাৰতীয় দণ্ডবিধি আইনৰ ৪৪৮/ ৩২৫/ ৪২৭/ ৩৪/ ৩০২ ধাৰাৰ অধীনত বৰডুমচা থানাত ৪৪/ ২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি ৮ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কালি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

You might also like