নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: কেন্দ্রীয় চৰকাৰৰ চাকৰিত নিযুক্তিৰ ক্ষেত্রত এটা উমৈহতীয়া সংস্থাৰ অধীনত কমন ইলিজিবিলিটী টেষ্ট (চেট) অনুষ্ঠিত কৰা হ’ব৷ ইয়াৰ বাবে নেচনেল ৰিক্রুইটমেণ্ট এজেন্সী (এনআৰএ) গঠনত আজি কেন্দ্রীয় কেবিনেটে অনুমোদন জনায়৷ ষ্টাফ ছিলেকচন কমিছন (এছএছচি), ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ড (আৰ আৰ বি) আৰু ইনষ্টিটিউট অৱ বেংকিং ছার্ভিচ পার্ছনেল (আইবিপিএছ)ৰ প্রথম পর্যায়ৰ পৰীক্ষাও কেইবাতৰপীয়া এই নৱগঠিত সংস্থা এনআৰএৰ অধীনত উমৈহতীয়াভাৱে অনুষ্ঠিত কৰা হ’ব৷ স্নাতক, উচ্চতৰ মাধ্যমিক উত্তীর্ণ, উচ্চ মাধ্যমিক উত্তীর্ণৰ বাবে সুকীয়াকৈ অনুষ্ঠিত কৰা হ’ব অনলাইন চেট৷ মুঠতে ১২টা ভাষাত চেট অনুষ্ঠিত হ’ব আৰু প্রতিখন জিলাতে পৰীক্ষা কেন্দ্র স্থাপন কৰা হ’ব৷
কেবিনেটৰ এই সিদ্ধান্ত ঘোষণা কৰি কেন্দ্রীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱর্তন মন্ত্রী প্রকাশ জাভাড়েকাৰে কয় যে বিভিন্ন খণ্ডৰ চাকৰি প্রার্থীক নির্বাচনত এই প্রক্রিয়াই সহায় কৰিব৷ ইয়াৰ ফলত চাকৰি প্রার্থীসকলো উপকৃত হ’ব৷ বর্তমান ২০টাৰো অধিক সংস্থাই কেন্দ্রীয় চৰকাৰৰ চাকৰিত নিযুক্তিৰ ক্ষেত্রত সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰে৷ এই সকলো সংস্থাকে পর্যায়ক্রমে এনআৰএৰ অধীনলৈ অনা হ’ব৷ কেবিনেটৰ এই গুৰুত্বপূর্ণ সিদ্ধান্তক আদৰণি জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে এই সিদ্ধান্তই কোটি কোটি যুৱক–যুৱতীৰ অসুবিধা দূৰ কৰিব৷ বিশেষকৈ একাধিক পৰীক্ষাত অৱতীর্ণ হোৱাৰ পৰিৱর্তে এতিয়া এই উমৈহতীয়া পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব চাকৰি প্রার্থীয়ে৷ যাৰ ফলত মূল্যৱান সময় ৰাহি হ’ব৷ এই ব্যৱস্থাই সমগ্র নিযুক্তি প্রক্রিয়াত স্বচ্ছতাও নিশ্চিত কৰিব বুলি এই টুইটাৰ বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়৷
প্রতিবছৰে কেন্দ্রীয় চৰকাৰৰ ১.২৫ লাখ চাকৰিৰ বাবে ২.৫–৩ কোটি প্রার্থীয়ে আবেদ জনায়৷ ৩ বছৰলৈ এজন প্রার্থীৰ চেটৰ স্ক’ৰ বৈধ থাকিব৷ চেটৰ স্ক’ৰৰ ভিত্তিতে চূড়ান্ত পৰীক্ষালৈ এছ এছ চি, আৰ আৰ বি, আই বি পি এছ আদিয়ে প্রার্থী বাছনি কৰিব৷ উমৈহতীয়া পৰীক্ষা চেটত উত্তীর্ণ প্রার্থীক নিযুক্তিৰ বাবে পৰৱর্তী সময়ত চৰকাৰী বিভাগসমূহে নিজাববীয়াকৈ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰো ব্যৱস্থা ৰখা হৈছে৷ কিন্তু ইতিমধ্যে একাধিক চৰকাৰী বিভাগে চেট উত্তীর্ণক পোনপটীয়াকৈ নিযুক্তিৰ কথা বিবেচনা কৰিছে৷ এন আৰ এৰ বাবে কেন্দ্রীয় কেবিনেটে ৩ বছৰলৈ ১৫১৫.৫৭ কোটি টকা আবণ্টন দিছে৷