নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ চিয়াং নৈৰ প্ৰলয়ংকৰী বানে বিধ্বস্ত কৰিলে জোনাইৰ অৰ্ধশতাধিক গাওঁ৷ লক্ষাধিক লোক আজিও গৃহহাৰা৷ আশ্ৰয় লৈছে মথাউৰি নাইবা ওখ স্থানত৷ ঘৰ বাৰী, খেতি পথাৰ সকলো হেৰুৱাই বানাক্ৰান্ত ৰাইজৰ হাহাকাৰ অৱস্থা৷ এইবাৰ বানত সকলোতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বেৰাচাপৰিৰ বৃহত্তৰ অঞ্চল৷ আজি পৰ্যন্ত শতাধিক লোক মথাউৰিৰ ওপৰত আশ্ৰয় লয় আছে৷ এই মথাউৰিৰ ওপৰত আশ্ৰয় লোবা লোকসকলৰ মাজত এতিয়া দেখা দিছে খাদ্য সংকটৰ৷ প্ৰশাসনে যোৱা দুমাহত এই বানাক্ৰান্ত লোকৰ মাজত মাত্ৰ চাৰিবাৰ মান সাৰ্হায্য বিতৰণ কৰিয়ে দায়িত্ব সামৰিলে৷ এই বানপিড়িত লোক সকলৰ মাজত কেবাটাও দল -সংগঠনে সাৰ্হায্য বিতৰণ কৰাত কিছু সকাহ পাইছে এই লোকসকলে৷ যোবা মংগল বাৰে এই বানাক্ৰান্ত লোক সকলৰ মাজত সাৰ্হায্য প্ৰদান কৰে টেট শিক্ষক সকলে৷
সদৌ অসম টেট শিক্ষক সমিতিৰ ধেমাজি জিলা সমিতি আৰু জোনাই আঞ্চলিক সমিতিয়ে এই সাৰ্হায্য বিতাৰণৰ উদ্যোগ লয়৷ এই সাৰ্হায্য বিতৰণত উপস্থিত থাকে ধেমাজি জিলাৰ প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি হৰিপ্ৰসাদ বুঢ়াগোহাঁই, সম্পাদক প্ৰাঞ্জল প্ৰতিম চাংমাই, জোনাই আঞ্চলিক সমিতিৰ সভাপতি ভূপেন বৰুৱা, সম্পাদক লোহিত ফুকন, কোষাধক্ষ্য যোগেশ চাংমাই , মুখ্য উপদেষ্টা- ৰাজীৱ কুম্বাং, চিলাপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক ৰেৱট শইকীয়া, পশ্চিম ধেমাজি আঞ্চলিকৰ প্ৰতিনিধি নকুল হাজৰিকা আৰু মূৰ্কংচেলেক শিক্ষা খণ্ডৰ BEEO প্ৰেমনাথ দলে, গাণনিক বিষয়া – দুলেশ্বৰ পেগু৷ তিনিশতাধিক বানাক্ৰান্ত ৰাইজক শিক্ষক সকলে দাইল, চাউল, আলু, বিস্কুট, চাহ, নিমখ, চাবোন আৰু মম আদি সামগ্ৰী বিতৰণ কৰে৷