নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 অৰুণাচলৰ প্ৰদেশৰ টিৰাপ জিলাৰ ৱাংকাপ ল’ৱাংৰ ১১০ বছৰ বয়সত মৃত্যু

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ অৰুণাচলৰ খু’নচা নিবাসী, নাহৰকটীয়া চাচনীৰ মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ একান্ত সেৱক, শ্ৰীৰাম আতা- নৰোত্তম তথা নক্টে-বাৰেঘৰ সম্প্ৰীতিৰ অন্যতম প্ৰবক্তা ৱাংকাপ ল’ৱাংৰ বাৰ্ধক্য জনীত ৰোগত ভুগি থকাৰ অন্তত এক ভাদৰ কাহিলীপুৱাতে হাজাৰ গুণগ্ৰাহীক কন্দুৱাই ১১০ বছৰ বয়সত খুনছাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত পানছোথং গাঁৱৰ নিজ বাসগৃহত বৈকুণ্ঠ প্ৰয়ান ঘটে। প্ৰণীধানযোগ্য যে টিৰাপ জিলাৰ সদৰ খুনছাৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তি ৰূপে পৰিগণিত ৱাংকাপ ল’ৱাংৰ লাপটাং গাঁৱত জন্ম হৈছিল ১৯১০ চনৰ ১৫ ডিচেম্বৰত।

লক্ষণীয় যে অতীতৰ নেফাৰ সময়ত টিৰাপ জিলাত শিক্ষাৰ কোনো অনুষ্ঠান নথকাৰ বাবে অসমৰ জয়পুৰ চহৰৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি তৃতীয় শ্ৰেণী লৈকে অধ্যয়ন কৰাৰ পিছৰ পয্যায়ত অসমৰে শদিয়া চহৰত নৱম শ্ৰেণী লৈকে শিক্ষা গ্ৰহণ কৰি নিজৰ গৃহলৈ উভতি গৈ ১৯২৮ চনত বিবাহ পাশত আবদ্ধ হয়। শদিয়াত অধ্যয়ন কৰি থকা কালতে ব্ৰিটিছ চৰকাৰৰ সান্নিধ্যত অহা ৱাংকাপ ল’ৱাংকে চৰকাৰৰ অধীনত ১৯৩৮ চনৰ পৰা ১৯৪৬ চনলৈকে এগৰাকী ৰাজনৈতিক জমিদাৰ ৰূপে কৰ্মৰত হৈ থকাৰ লগতে জাপানৰ বিৰুদ্ধে দ্বিতীয় বিশ্ব যুদ্ধতো অংশগ্ৰহণ কৰে। তেওঁৰ এই দায়িত্ব বোধৰ কৃতিত্ব স্বৰূপে ব্ৰিটিছে ভাৰত ত্যাগ কৰাৰ পিছতেই ভাৰত চৰকাৰে তেওঁক ১৯৪৮ চনত ৰাজনৈতিক অধীক্ষক ৰূপে নিযুক্তি দিয়াৰ পিছত পুনৰ পদোন্নতি দি ১৯৫৯ চনত ৰাজনৈতিক সহকাৰী পদত অধিষ্ঠিত কৰে আৰু তেওঁ এই পদতে ২২ বছৰ চাকৰি কৰাৰ অন্তত ১৯৮১ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে নিজৰ কৰ্মজীৱনৰ কালছোৱাত অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত “মূৰ চিকাৰ” (Head Hunting) প্ৰথা বন্ধ কৰিবলৈ যথেষ্ট প্ৰয়াস কৰাৰ লগতে টিৰাপৰ ৰজা নৰুত্তমে শৰণ লোৱা বাৰেঘৰ সত্ৰৰ সৈতে নিজেও উতঃপ্ৰোত ভাৱে জড়িত হৈ থকাৰ লগতে পাহাৰ ভৈয়ামৰ সম্পৰ্ক যুগমীয়া কৰি বৈষ্ণৱ ধৰ্মীয় একতাৰ জৰীডাল কটকটীয়া কৰিবলৈ আজীৱন অহোপুৰুষাৰ্থ কৰি গৈছিল। লক্ষণীয় যে টেডঙ নামেৰে সুপৰিছিত ৱাংকাপ ল’ৱাংৰ হিন্দী আৰু অসমীয়া ভাষাতো ব্যাপক দখল থকাৰ লগতে তেওঁ আছিল ব্ৰিটিছ শাসন কালত সেই চৰকাৰৰ তলত কাম কৰা টিৰাপ জিলাৰ প্ৰথমজন আৰু একমাত্ৰ ব্যক্তি। এক জীৱন্ত অভিধান আৰু সম্প্ৰীতিৰ পুৰোধা ব্যক্তি ৰূপে চানেকি ৰাখি থৈ যোৱা ৱাংকাপ ল’ৱাংয়ে মৃত্যুৰ সময়ত দুজন পুত্ৰ, তিনি গৰাকী কন্যা, ২৪ গৰাকী নাতিনি আৰু ৩৪ গৰাকী আজু নাতিনি এৰি থৈ যায়।

অৰুণাচল চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী টি এল ৰাজকুমাৰ আৰু অৰুণাচল চৰকাৰৰ হস্ত তাত বস্ত্ৰ শিল্প বিভাগৰ অতিৰিক্ত সংসালক চানয়ুক ৰাজকুমাৰীৰ পিতৃ, অন্ধ প্ৰদেশৰ ডিজিপি গৌতম ককাক ছায়াঙৰ ককাক ৱাংকাপ ল’ৱাংৰ মৃত্যুত সমগ্ৰ অৰুণাচল প্ৰদেশৰ লগতে অসমৰ মাৰ্ঘেৰিটা মহকুমা, নাহৰকটীয়া, চাচনী, জয়পুৰ আদি অঞ্চলটো গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৱে পাহাৰ ভৈয়ামৰ সম্পৰ্কতো প্ৰভাৱ পেলাব বুলি দুখ প্ৰকাশ কৰি চাচনী মেৰবিল চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্ত, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতি প্ৰসাদ কোঁৱৰ, নাহৰকটীয়া প্ৰেছ গীল্ডৰ সম্পাদক প্ৰাঞ্জল ভূঞা, বিশিষ্ট লেখক ৰাজীৱ নিংখী, মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ মুখপাত্ৰ মানস প্ৰতিম গগৈ আদিকে ধৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকাভিভুত পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিছে। ইফালে ৱাংকাপ ল’ৱাংৰ মৃত্যুত তেওঁৰ বিদেহী আত্মাৰ প্ৰতি সন্মান জনাই কালি খুনছাৰ সমূহ ব্যৱসায় প্ৰতিষ্ঠান স্বতঃস্ফূৰ্ত ভাবে বন্ধ হৈ পৰাৰ লগতে তেওঁৰ অন্তিম সৎকাৰ আজি সম্পূৰ্ণ কৰা হয়। আজিও ৱাংকাপ ল’ৱাংৰ শেষ বিদায় জনাবলৈ বহু শুভাকাংক্ষী লোক উপস্থিত হোৱাৰ লগতে অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

You might also like