শালমাৰাত বুটমাহ খাই অৰ্ধশতাধিক লোক অসুস্থঃ এজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ কামৰূপ জিলাৰ বেজেৰা সমীপৰ শালমাৰাত বুট মাহ খাই অৰ্ধশতাধিক লোক অসুস্থ হোৱাৰ লগতে এগৰাকী লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে । ঘটনাৰ বিবৰণী অনুসৰি যোৱা সোমবাৰে শালমাৰা চকৰ ১৫নংৰাষ্ট্ৰীয় পথৰ কাষত এখন ব্যৱসায় প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই শুভাৰম্ভণী অনুষ্ঠানত বুট মাহ বিতৰণ কৰা হয়।প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ লোকে সেৱন কৰে এই বুট মাহ। ইয়াৰ পিছত সোমবাৰে নিশাৰপৰা বুট মাহ সেৱন কৰা লোক সকলৰ শৌচ,বমি আদি হ’বলৈ আৰম্ভ কৰে। কিছু লোকে প্ৰাথমিক চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰে যদিও একাংশ লোক দুৰ্বল হৈ পৰাৰ লগতে বৰ্তমানো সুস্থ হৈ উঠা নাই।
ইয়াৰে ভিতৰত জ্যোতিষ তালুকদাৰ ৫৭, মুকুট তালুকদাৰ,৪০, চাণক্য শৰ্মা ৪৩,ধ্ৰুৱ বৰ্মন ৩৮,ৰুণু গোস্বামী ৩৮,নৰেণ ডেকা, জয়ন্ত ডেকা, জুৰি ডেকা,ভৰত ডেকা,ৰাজেন ডেকা, প্ৰতাপ ডেকা,খৰ্গেশ্বৰ ডেকা, জয়ন্তী ডেকা,বিভা ডেকা,সৰস্বতী ডেকা, অৰ্চনা ডেকা,ৰুমিতা ডেকা,কামিনী ডেকা, বিনোদ ডেকা,সবিতা ডেকা,মধুস্মিতা ডেকা,দেৱেন ডেকা,শয়ান ডেকা,পৰেশ ডেকা,প্ৰতিভা ডেকা,ধনজিৎ ডেকা, যমুনা ডেকা,বিমলা ডেকা,ববি নাথ সহ অৰ্ধশতাধিক লোক অসুস্থ হৈ আছে।
আনহাতে গাঁওখনৰ মিনাজুদ্দিন আহমেদ ৫৩ নামৰ ব্যক্তিজনৰ যোৱা নিশা ১১বজাত উত্তৰ গুৱাহাটী জি এন আৰ চি হাস্পতালত মৃত্যু হয়। জানিব পৰামতে মিনাজুদ্দিন আহমেদ নামৰ যুৱক জনে উক্ত দিনা বুট মাহ সেৱন কৰি নিশা পৰা অসুস্থ হৈ পৰিছিল। কালি পৰিয়ালৰ লোকে তেওঁক প্ৰথমে বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে উত্তৰ গুৱাহাটী জি এন আৰ চিত ভৰ্তি কৰায়। উক্ত চিকিৎসালয়তে নিশা ১১বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মিনাজুদ্দিন আহমেদৰ ৷
বেজেৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন গাঁও সদস্য মিনাজুদ্দিন আহমেদে মৃত্যুত বেজেৰা জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰমণী মোহন ডেকা,বেজেৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভৰত তালুকদাৰ, সমাজকৰ্মী বনজিৎ ডেকাই শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জনায়। মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্ৰ সন্তানক ইহঁসংসাৰত এৰি থৈ যায়।