বিজনীৰ মঙ্গলিয়ান বাজাৰত বিপিএফৰ যোগদান কাৰ্যসূচী
নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ ক’ৰোনাৰ সংক্রমণ ৰাজ্যৰ বিভিন্ন জিলাত পৰিস্থিতি এতিয়াও ভয়াৱহ হৈ থকাৰ মাজতে বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিএডিত চলিছে ৰাজনৈতিক বতাহ ৷ বিটিচিৰ ১৭ নং সুভাইজাৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীৰ সমৰ্থনত বিভিন্ন দলৰ পৰা ৬০ জনতকৈ অধিক লোকে যোগদান কৰিলে বিপিএফত। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই পুনৰ বিটিচি পৰিষদ দখল কৰাৰ দাবী বিপিএফৰ। বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে বিটিএডিত চলিছে ৰাজনৈতিক বতাহ। দিন বাগৰাৰ লগে লগে ৰাজনৈতিক নেতা-কৰ্মীৰ মাজত চলিছে দল বাগৰাৰ ৰাজনীতি।
চিৰাং জিলাৰ মঙ্গলিয়ান বাজাৰত বিভিন্ন দলৰ পৰা বিপিএফত যোগদান কৰা কাৰ্যই ইয়াকেই প্ৰতিপন্ন কৰিছে। মঙ্গলিয়ান আৰু মালিপাৰা যুটীয়া নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে বিভিন্ন দলৰ পৰা ৬০ জনতকৈও অধিক লোকে যোগদান কৰিলে বিপিএফত। বিজনী নগৰ পৌৰ সভাৰ প্ৰাক্তন সভাপতি তথা বিপিএফ নেতা ৰমাকান্ত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত ইউ পি পি এল, নোৱাপাৰা আঞ্চলিক আক্ৰাছু, শিক্ষক আৰু বিভিন্ন গাঁৱৰ সমাজকৰ্মীয়ে আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে। মঙ্গলিয়ান ভিচিডিচিৰ প্ৰাইমেৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগদান সভাত কেন্দ্ৰীয় যুৱ বিপিএফৰ সম্পাদক প্ৰহ্লাদ বসুমতাৰী, বি. ছাউৰাইগৌৰা, বি. সুগ্ৰীপ, বি. ৰিমিলাং আদি নেতা উপস্থিত থাকে। উক্ত সভাৰ অন্তত ১৭ নং সুভাইজাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰভাত বসুমতাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই পুনৰ বিটিচি পৰিষদ দখল কৰা হ’ব বুলি মন্তব্য কৰে।