নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত বিজেপিৰ বিশাল যোগদান সমাৰোহ, ৩৫০০গৰাকীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ মৰিগাঁও চহৰৰ বিহুতলীত আজি ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত অনুষ্ঠিত হোৱা এক বিশাল সভাত বিভিন্ন দলৰ পৰা ৩৫০০গৰাকী ব্যক্তিয়ে বিজেপি দলত যোগদান কৰে। মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা। নিমন্ত্রিত অতিথি ৰূপে উপস্থিত থাকে সাংসদ পল্লৱ লোচন দাস।

আনহাতে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে আদৰণী ভাষণ দি  কয় যে মৰিগাঁও সমষ্টিত তেওঁৰ কাৰ্যকালত উন্নয়নৰ ধাৰা তীব্রতৰ হৈছে যদিও একাংশ ব্যক্তি আৰু সংবাদ মাধ্যমে তেওঁৰ বিৰুদ্ধে বিভিন্ন সময়ত অপপ্ৰচাৰ চলাই আহিছে যদিও ৰাইজে বুজি পাইছে সকলো কথা।

সেয়ে আজি এইদৰে বৃহৎ সংখ্যক লোকে বিজেপি দলত যোগদান কৰিছে। আগন্তুক নিৰ্বাচনত ৪২ হাজাৰ ভোটৰ ব্যৱধানত মৰিগাঁও সমষ্টিৰ পৰা তেওঁ নিৰ্বাচিত হ’ব বুলি প্ৰকাশ কৰি কয় যে মৰিগাঁও চহৰৰ নলা-নৰ্দমা নিৰ্মাণৰ বাবে ইতিমধ্যে ব্যাপক তৎপৰতা চলোৱা হৈছে।

আনহাতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে জাগীৰোডত হওক বা মৰিগাঁওতে হওক অথবা অসমৰ প্ৰতিটো প্ৰান্তত উন্নয়ন খৰটকীয়া হৈছে। কংগ্ৰেছ দলে আজি আজমলৰ হাতত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব বিচৰা কাৰ্যক ধিক্কাৰ দি কয় যে অসমৰ ৰাইজে বিজেপি দলক আস্থাত ল’ব আৰু পৰৱৰ্তী চৰকাৰ বিজেপি দলৰ হ’ব।
উল্লেখ্য আজিৰ যোগদান সভাত মৰিগাঁও সদৰ আছুৰ প্ৰাক্তন উপ-সভাপতি তথা মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক মৃদুল বৰা, বিশিষ্ট যুৱ অধিবক্তা পাৰ্থপ্ৰতিম পাতৰকে ধৰি বিভিন্ন দলৰ পৰা ৩৫০০গৰাকীয়ে শাসকীয় দলটোত যোগদান কৰে ।

You might also like