ক’ভিড প্রট’কল মানি ৰাজ্যজুৰি শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উদযাপন
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ মাজতে ক’ভিড প্রট’কল মানি সমগ্র ৰাজ্যতে আজি জাতিৰ জনক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ অনুষুটপীয়াকৈ উদ্যাপন কৰা হয়৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সীমিতসংখ্যক ভকত বৈষ্ণৱৰ উপস্থিতিত হৰিনাম কীর্তন কৰা হয় ৰাজ্যৰ থান–সত্র–নামঘৰসমূহ৷ গুৱাহাটী মহানগৰীৰ সত্রসমূহৰ লগতে মহাপুৰুষজনাৰ জন্মস্থান বৰদোৱা থান, কর্মথলী সত্রনগৰী বৰপেটাৰ সুন্দৰীদিয়া, বাৰাদি, গণককুছি, পাটবাউসী, মধুপুৰ সত্র, সত্রভূমি মাজুলী, উত্তৰ লখিমপুৰ, যোৰহাট, তেজপুৰৰ থান–সত্র–নামঘৰসমূহ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মহোৎসৱ দিনজোৰা কার্যসূচীৰে ক’ভিড প্রট’কল ৰক্ষা কৰি গাম্ভীর্যপূর্ণভাৱে উদযাপন কৰা হয়৷
মহাপুৰুষজনাৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটাত কীর্তন মহোৎসৱ হিচাপে উদ্যাপন কৰা হয়৷ এই উপলক্ষে আজি পুৱা সামাজিক দূৰত্ব বজাই ৰাখি সীমিতসংখ্যক ভকতৰ উপস্থিতিত শ্রীশ্রীমাধৱদেৱ স্থাপিত তিনিও ৰাজ্যৰ বন্দনী থান ঐতিহ্যমণ্ডিত বৰপেটা সত্রত নিত্য নৈমিত্তিক প্রসংগ কৰা হয়৷ পুৱা আইসকলৰ প্রসংগৰ পিছত বাপুসকলে নিত্য প্রসংগৰ লগতে নাম ছন্দ, শৰণ ছন্দৰ ঘোষা গাই নৈমিত্তিক প্রসংগ কৰে৷ ইয়াৰ পিছতে পাঠ পঢ়া হয়৷ উল্লেখ্য যে নাম প্রসংগ আৰু পাঠ পঢ়াৰ অন্তত প্রসাদ বিতৰণ কৰা হয় যদিও আজি সত্রত মাহ–প্রসাদ বিতৰণ কৰা নহ’ল৷ আনহাতে দুপৰীয়া গায়ন–বায়নে গুৰুঘাট বজাই ভোজন বেহাৰ ঝুমুৰা ৰূপায়ণ কৰে৷ কিন্তু ভোজন বেহাৰত পূর্বে ব্যৱহূত ঘিউ, মৌ, দৈ, এৱাঁ গাখীৰ, কল, চেনি, চাউলৰ দ্বাৰা প্রস্তুত কৰা নির্মালি বিতৰণ কৰা নহ’ল৷ বিয়লি ব্যাস কীর্তন আৰু ঘোষা কীর্তনৰ অন্তত সন্ধিয়া বৃন্দাবনহাটীৰ বাপুসকলে সত্রত কৰভাৰ প্রদান কৰে৷ এই কৰভাৰ প্রদান বৰপেটা সত্রৰ কীর্তন মহোৎসৱৰ অন্যতম আকর্ষণীয় ধর্মীয় অনুষ্ঠান৷ শ্রীমন্ত শংকৰদেৱৰ প্রথম বাৎসৰিক তিৰোভাৱ তিথিত কৰভাৰ প্রদান কৰা হৈছিল৷ সেই প্রথাক অনুসৰণ কৰি পৰৱর্তী কালত শ্রীশ্রীমাধৱদেৱ আৰু শ্রীশ্রীমথুৰা দাস বুঢ়াআতাৰ তিথিতো কৰভাৰ প্রদান কৰা হয়৷
বৰপেটা সত্রত তিনিওটা কীর্তন মহোৎসৱতে কৰভাৰ দিয়াৰ প্রথা প্রচলিত হৈ আছে৷ আজি শ্রীমন্ত শংকৰদেৱৰ কীর্তন মহোৎসৱ উপলক্ষে বৃন্দাবনহাটীৰ বাপুসকলে বৰপেটা সত্রলৈ কৰভাৰ আগবঢ়ায়৷ পূর্বে চাউল, তেল, নিমখ, কাচকল, ঔ, কোমোৰা আদি দ্রব্য সামগ্রীসমূহ গায়ন–বায়ন, ব্যাহ কীর্তন, নাম প্রসংগৰে হৰিনাম ধ্বনিৰে শোভাযাত্রা কৰি আনি বৰপেটা সত্রত প্রদান কৰা হৈছিল যদিও সীমিতসংখ্যক ভকতে অতি অনুষুটপীয়াকৈহে কৰভাৰ প্রদান কৰে৷ নিশা নাম প্রসংগৰ লগতে গায়ন–বায়নে গুৰুঘাট বজাই কীর্তন মহোৎসৱৰ সামৰণি মাৰে৷ ইপিনে শ্রীমন্ত শংকৰদেৱৰ কীর্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্রৰ তৰফৰ পৰা দক্ষিণহাটীৰ বাপুসকলৰ সহযোগত পাটবাউসীৰ শ্রীমন্ত শংকৰদেৱ থানত কৰভাৰ প্রদান কৰা হয়৷