নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান মহকুমাত বনৰীয়া হাতীয়ে নিতৌ চলাইছে তাণ্ডৱঃ কাণসাৰ নাই বন বিভাগৰ

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ বানৰ তাণ্ডৱ কমাৰ পিছৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ হাতী-মানুহৰ সংঘাতৰ ফলত পাহাৰীয়া জিলাখনত বিস্তৰ ক্ষতিসাধন হোৱাৰ পিছতো বন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ জনসাধাৰণৰ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ ফলত ৰাইজ ক্ষোভিত হৈ পৰিছে৷ জিলাখনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে জনবসতিপূৰ্ণ স্থানত তাণ্ডৱৰ সৃষ্টি কৰাৰ ভয়াবহ দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে৷ প্ৰতিদিনে মানুহৰ ঘৰ-বাৰী অথবা কৃষি পথাৰত উপদ্রৱ চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে হাতীৰ জাকে।
বিগত কেইবামাহ ধৰি বোকাজান বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টিৰ মাটিপুল, গুৰুংমাটি, ঘৰিয়ালডুবি, ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ, ডিলাই আদি অঞ্চলত এটা বন্যহস্তীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি দোকান-ঘৰ ভাঙি ধ্বংস কৰাৰ লগতে প্ৰতিদিনে ঘৰ-বাৰী, কৃষকৰ ফচল নষ্ট কৰি আহিছে।বৃহস্পতিবাৰেও মহকুমাটোৰ অন্তৰ্গত ডিলাইত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এটা বনৰীয়া হাতীয়ে এখন অট’ৰিক্সাক আক্ৰমণৰ লক্ষ্য কৰি লয়। হাতীটোৰ আক্ৰমণৰ লগে লগে অট’ৰিক্সাখনৰ চালক আৰু যাত্ৰী কোনোমতে পলাই সাৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই যদিও এনএল-০৭-এফ-৬১৮০ নম্বৰৰ অট’ৰিক্সাখন ভাঙি থৈ যায় হাতীটোৱে।
উল্লেখ্য যে বোকাজান মহকুমাৰ বিভিন্ন স্থানত বন্যহস্তীৰ আক্ৰমণত বহুলোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে যদিও এই ক্ষেত্ৰত বনবিভাগে নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি পিঠি দিয়া ভূমিকাই ৰাইজৰ ক্ষোভ বৃদ্ধি কৰিছে৷
You might also like