শশী থাৰুৰক অপসাৰণৰ দাবী বিজেপি সাংসদৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ সংসদীয় ষ্টেণ্ডিং কমিটীৰ অধ্যক্ষ কংগ্রেছ সাংসদ শশী থাৰুৰক অধ্যক্ষ পদৰ পৰা অপসাৰণৰ দাবী তুলি লোকসভাৰ অধ্যক্ষলৈ পত্র প্রেৰণ কৰিছে বিজেপিৰ সাংসদ ৰাজ্যবর্ধন সিং ৰাথোড়ে৷
কংগ্রেছ সাংসদ তথা সংসদীয় কমিটীৰ অধ্যক্ষ শশী থাৰুৰে সমিতিৰ সৈতে আলোচনা নকৰাকৈ ফেচবুক বিষয়াক চমন জাৰি কৰিব লাগে বুলি ৰাজহুৱাভাৱে মন্তব্য কৰাৰ বাবেই বিজেপিৰ সাংসদগৰাকীয়ে থাৰুৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ লোকসভাৰ অধ্যক্ষক পত্র লিখি দাবী জনাইছে৷