নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ বৃহস্পতিবাৰে মহেন্দ্র সিং ধোনীলৈ হূদয়স্পর্শী পত্র প্রেৰণৰ পিছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ভাৰতৰ একালৰ তাৰকা বেটছমেন সুৰেশ ৰাইনালৈও এখন আৱেগিক পত্র প্রেৰণ কৰে৷ যোৱা স্বাধীনতা দিৱসৰ সন্ধিয়া ধোনীৰ পদাংক অনুসৰণ কৰি আন্তঃৰাষ্ট্রীয় ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰা বাঁওহতীয়া আক্রমণাত্মক বেটছমেনগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰি প্রধানমন্ত্রীয়ে পত্রত উল্লেখ কৰিছে যে এগৰাকী দক্ষ বেটছমেন, উপযোগী বলাৰ হিচাপে আপোনাক প্রতিটো প্রজন্মই মনত ৰাখিব৷ ‘আপোনাৰ ক্ষেত্রত মই অৱসৰ শব্দটো ব্যৱহাৰ কৰিব বিচৰা নাই৷ কিয়নো, আপুনি এতিয়াও যথেষ্ট ডেকা আৰু উদ্যমী হৈ আছে৷ ২০১১ৰ বিশ্বকাপৰ কোৱার্টাৰ ফাইনেলত অষ্ট্রেলিয়াৰ বিৰুদ্ধে আপোনাৰ অপৰাজিত ইনিংছ মই স্বচক্ষে উপভোগ কৰাৰ সৌভাগ্য অর্জন কৰিছিলোঁ৷ আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত আপুনি দলৰ হৈ মূল্যৱান ইনিংছ খেলি দেশক ছেমিফাইনেললৈ উন্নীত হোৱাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ এগৰাকী সুন্দৰ বেটছমেন, উপযোগী বলাৰ, দুর্দান্ত ফিল্ডাৰ আৰু সময়োপযোগী অধিনায়ক হিচাপে আপোনাক প্রতিটো প্রজন্মই স্মৰণ কৰিব৷’ মোদীয়ে এইদৰে কয়৷ ইফালে, প্রধানমন্ত্রী মোদীৰ এই শুভেচ্ছা লাভ কৰি উৎফুল্লিত ৰাইনাই কয় যে দেশৰ হৈ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলি তেওঁ সঁচাকৈয়ে গৌৰৱান্বিত৷