নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেতৃত্বৰ দায়িত্ব এৰিবলৈ সাজু ছোনিয়া

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ নেতৃত্বৰ শূন্যতাই কংগ্রেছৰ বৰঘৰত তীব্র জোকাৰণি তুলিছে৷ বিগত এবছৰ ধৰি পূর্ণকালীন সভাপতি নোহোৱাকৈয়ে দেশৰ আটাইতকৈ প্রাচীন ৰাজনৈতিক দলটো পৰিচালিত হৈ আছে৷ বিগত লোকসভা নির্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতে ৰাহুল কৰিছিল৷ তাৰ পিছত দলটোৰ অন্তর্ৱর্তীকালীন সভাপতিৰ দায়িত্ব দিয়া হৈছিল ছোনিয়া গান্ধীক৷ পৰৱর্তী সময়ত কেইবাখনো ৰাজ্যত কংগ্রেছ দল ব্যাপক বিপর্যয়ৰ গৰাহত পৰিল যদিও দলটোত এগৰাকী পূর্ণকালীন সভাপতি নিযুক্তি দিয়া নহ’ল৷ নেতৃত্বৰ এই শূন্যতা আঁতৰাবলৈ কংগ্রেছৰ ২০গৰাকীকৈ জ্যেষ্ঠ নেতাই এক পত্রযোগে এগৰাকী পূর্ণকালীন সভাপতি নিযুক্তি দিবলৈ আহ্বান জনায়৷ পত্রখনত এইসকল নেতাই স্পষ্ট ভাষাৰে উল্লেখ কৰে যে এগৰাকী পূর্ণকালীন, সক্রিয় আৰু কার্যক্ষম নেতাৰ হাতত দলৰ নেতৃত্ব অর্পণ কৰাটো প্রয়োজনীয় হৈ পৰিছে৷

কিয়নো নেতৃত্বৰ অভাৱৰ বাবে দলটোৰ যুৱ কর্মীসকলে আত্মবিশ্বাস হেৰুৱাই পেলাইছে৷ কপিল ছিবাল, শশী থাৰুৰৰ দৰে জ্যেষ্ঠ নেতাসকলে স্বাক্ষৰ কৰা পত্রখন গুৰুত্বসহকাৰে লৈছে ছোনিয়া গান্ধীয়ে৷ কংগ্রেছ দলৰ সূত্রই সদৰী কৰা খবৰ অনুসৰি দলৰ শীর্ষ নেতৃত্বৰ পৰা আঁতৰি আহিবলৈ সাজু হৈছে ছোনিয়া গান্ধী৷ তেওঁ বর্তমান দলটোৰ সভাপতিৰ দায়িত্ব বহন কৰিব পৰা এগৰাকী নেতাৰ সন্ধানত আছে৷ শীঘ্রে কংগ্রেছৰ সভাপতি পদত এগৰাকী নতুন নেতা অধিষ্ঠিত হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ উঠিছে৷ কাইলৈ অনুষ্ঠিত হ’বলগীয়া কংগ্রেছৰ চিডব্লিউচিৰ বৈঠকত নতুন সভাপতি নির্বাচনক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে৷ ইপিনে শীর্ষ নেতৃত্বৰ পৰা ছোনিয়া গান্ধী আঁতৰিব বুলি খবৰ ওলোৱাৰ পিছতে বিভিন্ন ৰাজ্যৰ কংগ্রেছ নেতাসকলে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ পঞ্জাবৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিং, ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল, ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে ছোনিয়া গান্ধীয়ে দলৰ নেতৃত্বত থকাৰ পোষকতা কৰিছে৷ ইয়াৰ বিপৰীতে আন বহু নেতাই এইবাৰ গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তি দলৰ সভাপতি হিচাপে নির্বাচিত হোৱাটো বিচাৰিছে৷

ৰাজনৈতিক অভিজ্ঞতাৰ অভাৱৰ বাবেই তেওঁলোকে ৰাহুল গান্ধী শীর্ষ নেতৃত্বত পুনৰ অধিষ্ঠিত হোৱাৰ বিৰোধিতা কৰিছে৷ ইপিনে ৭৩ বর্ষীয় ছোনিয়া গান্ধীৰ পক্ষেও স্বাস্থ্যজনিত সমস্যাৰ বাবে শীর্ষ পদবীত বেছি দিনলৈ কার্যনির্বাহ কৰি যোৱাটো সম্ভৱ নহ’ব৷ গতিকে কাইলৈ কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠকত সভাপতি পদৰ নির্বাচন সন্দর্ভত এক সিদ্ধান্তত উপনীত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like