অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ আৰু মহিলা পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতি গঠন
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ জোনাই চিমেন চাপৰিত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। পৰিষদৰ উপদেষ্টা বসন্ত পাঠকক অস্থায়ী সভাপতি হিচাপে দায়িত্ব দি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয়। চিমেন চাপৰি জাতীয় বিদ্যালয়ত অনুষ্ঠিত সভাত দেৱেশ্বৰ বৰাক সভাপতি আৰু বাবুল চুতীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ যুৱ-ছাত্ৰ পৰিষদৰ পূৰ্ণাংগ আঞ্চলিক সমিতিখন গঠন কৰাৰ লগতে পৰিষদৰ ভগ্নী সংগঠন অসম জাতীয় মহিলা পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিখনত দুলুমনি বৰাক সভানেত্ৰী আৰু শেৱালি বৰাক সম্পাদিকা হিচাপে লৈ নতুনকৈ গঠন কৰে।
উক্ত সভাত পৰিষদৰ জিলা সমিতিৰ উপদেষ্টা নীল কান্ত গগৈ, সভাপতি জ্ঞান শর্মা,সাধাৰণ সম্পাদক বিষ্ণু শর্মা, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, ৰাজু কোৱৰ, বিত্ত সম্পাদক সঞ্জীৱ দাস,ক্ৰিয়া সম্পাদক দিপেন দত্ত, প্ৰচাৰ সম্পাদক জিতেন মিলি,ক্ষীৰোদ শইকীয়া, সদস্য মনোজ শইকীয়া আৰু জিলা জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী ৰেনু ভূঞা, উপদেষ্টা পূণিমা ভূঞা উপস্থিত থাকে।