চেঙাজানত দুই কোটি টকাৰ পকী পাৰ্কিউপাইন আঁচনি উদ্বোধন
নিয়মীয়া বাৰ্তা: ২৪ আগষ্টঃ ধেমাজি জিলাৰ চেঙাজানত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে আজি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত দুই কোটি টকাৰ পকী পাৰ্কিউপাইন আঁচনিৰ কামৰ উদ্ধোধন কৰে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূবন পেগুয়ে। এই উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা সভাত সাংসদ প্ৰদান বৰুৱাই কয় এইবছৰ বাৰিষাৰ সময়তো জলসম্পদ বিভাগে মঠাউৰি নিৰ্মাণৰ কাম পুৰাদ্যোমে ৰূপায়ণ কৰিছে বুলি কৈ শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ খহনীয়া নিয়ন্ত্ৰণৰ বাবে এইখন চৰকাৰে ইতিবাচক চিন্তাৰে কাম আগবঢ়াই নিবলৈ প্ৰয়াস চলাইছে বুলি উল্লেখ কৰি ইতিমধ্যে জোনাইৰ বেৰাচাপৰি, চেঙাজানৰ লগতে শদিয়া, ডুমডুমা, লখিমপুৰ, চাবুৱা আদি অঞ্চলত বানখহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন আঁচনি জলসম্পদ বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা হৈছে বুলি বক্তব্যত কয়।
চৰকাৰে হাতত লোৱা ব্ৰহ্মপুত্ৰ খননৰ বিষয়ত ভাষন ৰাখি প্ৰদান বৰুৱাই কয় যে নদীখন খান্দি মাটি বামলৈ পেলোৱাৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ মাজত এটা সূঁতিৰ গভীৰতা সৃষ্টি কৰি সেই জলপথত জাহাজ চলাচলৰ বাবে সুচল কৰি তোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি উনুকিয়াই যাৰ জৰিয়তে উন্নত যাতায়ত ব্যৱস্থা গঢ় লৈ উঠাৰ লগতে সামগ্ৰী কঢ়িয়াবলৈ যাতায়তী ব্যয়ো হ্ৰাস পাব বুলি মন্তব্য কৰে। জোনাই মহকুমাৰ বেৰাচাপৰিৰ উপৰি চেঙাজান, পবা বনাঞ্চলকে ধৰি চিয়াং-লালী, ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ উন্নত আঁচনি গ্ৰহণ কৰি ৰূপায়ণৰ কাম হাতত লোৱাৰ ফলত অহা বছৰলৈ বানখহনীয়া সমস্যাৰ পৰা জোনাই মহকুমা সুৰক্ষিত হৈ পৰিব বুলিও ভাষন ৰাখি এই ক্ষেত্ৰত সমন্বিত প্ৰচেষ্টাৰে জলসম্পদ, গ্ৰামোন্নয়ন আদি বিভাগৰ দ্বাৰা আঁচনি ৰূপায়ণত অগ্ৰাধিকাৰ দিলে অধিক সুফল পোৱা যাব বুলি বক্তব্য আগবঢ়ায়। আঁচনি উদ্ধোধনী অনুষ্ঠানত জোনাইৰ বিধায়ক ভূবন পেগুয়ে কয় আগৰ দিনতকৈ এইবছৰত জলসম্পদ বিভাগৰ কাম-কাজ সঠিকভাৱে হবলৈ ধৰিছে আৰু এইখন চৰকাৰে মঠাউৰি নিৰ্মাণৰ বাবে তাৎক্ষনিকভাবে পুঁজি ধাৰ্য্য কৰি মোকলাই দিয়াৰ বাবেহে ভৰ বাৰিষা কালতো বহু আঁচনি খৰতকীয়াকৈ সম্পূৰ্ণ কৰিবলৈ সম্ভৱ হৈছে বুলি মন্তব্য আগবঢ়ায়।
জলসম্পদ বিভাগৰ মন্ত্ৰী, বিষয়াৰ লগতে স্থানীয় সাংসদ প্ৰদান বৰুৱাৰ আন্তৰিকতা আৰু সবল পদক্ষেপৰ দ্বাৰা এনে কাম সম্ভৱপৰ হৈছে বুলি কৈ বিধায়ক ভূবন পেগুয়ে গাই নদীৰ উদাহৰণ দাঙি ধৰি কয় যে গাই নদীৰ ছিগাৰ তিনি দিনৰ পাছতেই কাম আৰম্ভ কৰি এমাহৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ কৰোৱাই অসমৰ ভিতৰতে জলসম্পদ বিভাগে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি ভাষনত কয়।জোনাই মহকুমাৰ বেৰাচাপৰিত দুই কোটি টকাৰ পকী পৰ্কিউপাইন আঁচনিৰ কাম আৰম্ভ কৰাৰ লগতে পবা বনাঞ্চল সুৰক্ষাৰ বাবেও ছয় কোটি পঞ্চাশ লাখ টকাৰ পকী পৰ্কিউপাইন আঁচনি হাতত লোৱা হৈছে আৰু বেৰাচাপৰিত নিৰ্মাণ হবলগা বাৰ কোটি টকাৰ মঠাউৰি নিৰ্মাণৰ কামো নবেম্বৰ মাহৰ পৰাই আৰম্ভ কৰি আগন্তুক জানুৱাৰী মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। জোনাই মহকুমাৰ নৱনিযুক্ত মহকুমাধিপতি জিমলি শইকীয়া কাকতী, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীয়েও অনুষ্ঠানত চমু বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতে ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত কৰা গংগা পূজাত সেৱা লৈ ফিটা কাটি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ দুই কোটি টকাৰ পকী পৰ্কিউপাইন আঁচনিৰ কাম উদ্ধোধন কৰে সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূবন পেগুয়ে। জলসম্পদ বিভাগৰ ধেমাজি সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সমীৰণ ডেকাই আতঁধৰা অনুষ্ঠানত জলসম্পদ বিভাগৰ জোনাই সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জৱাহৰলাল ৰয়,কনিষ্ঠ অভিযন্তা বিপুল হাতীমূৰীয়া, নীলকান্ত তামুলী, বিজেপিৰ পশ্চিম জোনাই মণ্ডল সভাপতি শিৱ দলে, উপ সভাপতি মহন্ত দৈমাৰী,সাধাৰণ সম্পাদক ভূপেন দাৱ, সম্পাদিকা মিনু পেগু, মহিলা মৰ্চাৰ সভানেত্ৰী স্মৃতি বৰুৱা, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, চিমেনমুখ গাওঁ পঞ্চায়তৰ সভানেত্ৰী দাস, ধেমাজি জিলা বিজেপিৰ সাধাৰণ সম্পাদিকা ৰাণু গগৈ, জ্যেষ্ঠ বিজেপি মাধৱ মুছাহাৰী, কাৰ্মুক পেগু,বিশিষ্ট সমাজকৰ্মী কালু দাস প্ৰমুখ্যে বিজেপি, গণশক্তি দলৰ কেবাজনো নেতা ব্যক্তি উপস্থিত থাকে।