বিজনী পাণবাৰীৰ নদীত গা ধুই থাকোঁতে নিখোজ দুই ছাত্ৰ; এজনৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ চিৰাঙ জিলা বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰীত অঘটন। ৰাণীঘাট বনভোজ স্থলীৰ হাকুৱা নদীত ১০ জন বন্ধুৰ সতে গা ধুই থাকোঁতে নিখোজ দুই ছাত্ৰ। সন্ধানহীন দুই ছাত্র ক্ৰমে টিটুৰাজ দৈমাৰী(১৭) আৰু সঞ্জয় বসুমতাৰী(১৮)।
ইয়াৰে টিটুৰাজৰ ঘৰ পাণবাৰী লোৱাৰ পাৰা, সঞ্জয়ৰ ঘৰ বিজনীৰ বড়োবাজাৰত। সন্ধানহীন দুয়োজন উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ছাত্র। SDRF বাহিনীৰ উদ্ধাৰ অভিযান আৰম্ভ চলায় যদিও টিটুৰাজক স্থানীয় ৰাইজে উদ্ধাৰ কৰিছে, মৃত অৱস্থাত। বাতৰি পেৰন কৰা মূহুৰতলৈ সঞ্জয় বসুমতাৰী নামৰ যুবক জনক SDRF বাহিনীৰ উদ্ধাৰ অভিজান অব্যহত ৰেখিছে ।