নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰে আসন বুজাবুজিক লৈ এতিয়াও হোৱা নাই কোনো সিদ্ধান্ত

মিত্রতাক লৈ আলোচনাৰ মাজতে ইউডিএফৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  সমাগত ২০২১ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক কেন্দ্র কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে৷ ইতিমধ্যে মিত্রতা চূড়ান্ত হৈছে দুয়োটা দলৰ৷ পিছে এই বিষয়টোৱে কংগ্রেছৰ ভিতৰচ’ৰাত মুকলি বিদ্রোহৰ সৃষ্টি কৰিছে৷ উজনি অসমৰ বহুকেইজন কংগ্রেছী বিধায়কৰ লগতে একাংশ সংখ্যালঘু নেতাই এআইইউডিএফৰে মিত্রতাত সম্পূর্ণ বিপৰীত স্থিতিত অৱতীর্ণ হৈছে৷ ইয়াৰ মাজতে কংগ্রেছৰ সৈতে আসন বুজাবুজি সম্পর্কত কোনোধৰণৰ সিদ্ধান্তত উপনীত হোৱা নাই বুলি সদৰী কৰা হৈছে এআইইউডিএফৰ তৰফৰ পৰা৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে এই সম্পর্কত কয় যে আমাৰ দলৰ কর্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছত আৰু মহাজোঁটৰ উমৈহতীয়া কর্মসূচী প্রস্তুত হোৱাৰ পিছতহে আসন বুজাবুজিৰ আলোচনা হ’ব৷ পূর্বতে আমাৰ দলৰ সাধাৰণ পৰিষদৰ সভাত সমভাবাপন্ন ধর্মনিৰপেক্ষ গণতান্ত্রিক ৰাজনৈতিক দলসমূহৰ লগত অসম আৰু অসমবাসীৰ স্বার্থত মিত্রতা কৰিব লাগে বুলি এক প্রস্তাৱ গ্রহণ কৰা হৈছিল৷ পৰৱর্তী সময়ত অনানুষ্ঠানিকভাৱে আমি কংগ্রেছৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ লগত আলোচনা অব্যাহত ৰাখিছোঁ৷ এতিয়া প্রদেশ কংগ্রেছে ক’ৰ কমিটীৰ বৈঠকত মিত্রতাৰ প্রসংগ চূড়ান্ত কৰাৰ পিছত আমাৰ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ নির্দেশমর্মে আমি প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকে গ্রহণ কৰা সিদ্ধান্তক আদৰণি জনাই আলোচনাত মিলিত হৈছিলোঁ৷ আলোচনাত এক উমৈহতীয়া কর্মসূচী গ্রহণ কৰাৰ কথা ব্যক্ত কৰা বুলি মন্তব্য কৰি ইছলামে পুনৰ কয় যে আসন বুজাবুজিৰ সন্দর্ভত এতিয়ালৈকে কোনোধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই৷ পৰৱর্তী সময়তহে এই বিষয়ে আলোচনা কৰা হ’ব আৰু সেয়া আমাৰ দলৰ কর্ণধাৰ সমিতিৰ বৈঠকৰ পিছত কংগ্রেছৰ লগত আসন সম্পর্কে আলোচনা কৰিব৷

You might also like