নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেইমাৰ–এমবাপেৰ স্বপ্ন ভংগ: চেম্পিয়নছ লীগত চেম্পিয়ন বেয়ার্ন মিউনিখ

নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ  নেইমাৰ আৰু কিলিয়ান এমবাপেৰ দৰে তাৰকাৰে সমৃদ্ধ পেৰিছ ছেইণ্ট জার্মেইনৰ স্বপ্ণ ভংগ কৰি চেম্পিয়নছ লীগত পুনৰ খিতাপ জয় কৰিছে বেয়ার্ন মিউনিখে৷ জার্মানীৰ দলটোৱে যোৱানিশা অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেলত পেৰিছ ছেইণ্ট জার্মেইনক ১–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে চেম্পিয়নছ লীগৰ খিতাপত চুম্বন দিয়ে৷ ব্রাজিলিয়ান তাৰকা নেইমাৰ আৰু বেয়ার্ন মিউনিখৰ অভিজ্ঞ ষ্ট্রাইকাৰৰ ৰবার্ট লেৱানডস্কিৰ মাজত মূল যুঁজখন হ’ব বুলি ফুটবল অনুৰাগীয়ে অপেক্ষা কৰিছিল যদিও নির্ণায়ক গ’ল কৰি মেচৰ নায়ক হিচাপে পৰিগণিত হয় যুৱ প্রতিভাৱান খেলুৱৈ কিংছলে ক’মান৷

পি এছ জি য়ুথ একাডেমীত ফুটবলৰ উন্নত প্রশিক্ষণ গ্রহণ কৰা ষ্ট্রাইকাৰগৰাকীয়ে যোৱানিশাৰ ফাইনেলত পি এছ জিৰ চেম্পিয়নছ লীগৰ খিতাপ জয়ৰ আশা ধূলিসাৎ কৰি বেয়ার্ন মিউনিখলৈ স্মৰণীয় বিজয় কঢ়িয়াই আনে৷ আৰম্ভণিৰে পৰা ৰোমাঞ্চ আৰু উত্তেজনাৰে ভৰপূৰ হৈ উঠা মেচখনৰ প্রথমটো অর্ধ গ’লশূন্যভাৱে সামৰণি পৰে৷ কিন্তু ৫৯ মিনিটত ফ্রান্সৰ যুৱ তাৰকা তথা বেয়ার্ন মিউনিখৰ ষ্ট্রাইকাৰ ক’মানে এটা দুর্দান্ত হেডেৰে মেচৰ গতি সলনি কৰে৷ পৰৱর্তী সময়ত পি এছ জিয়ে গ’লটো পৰিশোধ কৰিবলৈ আপ্রাণ চেষ্টা চলায় যদিও সফলতাৰ মুখ নেদেখে৷ নেইমাৰ আৰু এমবাপেৰে গঠিত পি এছ জিৰ আক্রমণ বিভাগে বেয়ার্ন মিউনিখৰ শিবিৰত চাপ সৃষ্টি কৰে যদিও গ’ল কৰিবলৈ সক্ষম নহ’ল৷

প্রথমবাৰৰ বাবে চেম্পিয়নছ লীগৰ ফাইনেল খেলা পি এছ জিৰ কেইবাটাও আক্রমণ দক্ষতাৰে প্রতিহত কৰি বেয়ার্ন মিউনিখক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰে অভিজ্ঞ গ’লৰক্ষক মেনুৱেল নেৱাৰে৷ অৱশেষত কিংছলে ক’মানৰ ৫৯ মিনিটৰ গ’লটোৱে মেচখনৰ নির্ণায়ক গ’ল হিচাপে পৰিগণিত হয় আৰু বেয়ার্ন মিউনিখে চেম্পিয়নছ লীগৰ এখনো মেচত পৰাজয়ৰ সন্মুখীন নোহোৱাকৈ খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিশ্ব ফুটবলৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু চেম্পিয়নছ লীগৰ ফাইনেল মেচখন প্রথমবাৰৰ বাবে দর্শকশূন্য ষ্টেডিয়ামত অনুষ্ঠিত হয়৷

You might also like