স্বাস্থ্য অপৰিৱর্তিত ক’মাত প্রাক্তন ৰাষ্ট্রপতি মুখার্জী
নিয়মীয়া বাৰ্তা ২৫ আগষ্টঃ দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ স্বাস্থ্য অপৰিৱর্তিত হৈ আছে৷ প্রাক্তন ৰাষ্ট্রপতিগৰাকী বিগত সপ্তাহ ধৰি গভীৰ ক’মাত আছে৷ চিকিৎসাধীন হৈ থকা নতুন দিল্লীৰ আর্মী ৰিছার্চ এণ্ড ৰেফাৰেল হাস্পতাল কর্তৃপক্ষই আজি পুৱা বিবৃতিযোগে প্রাক্তন ৰাষ্ট্রপতি মুখার্জীৰ স্বাস্থ্য অপৰিৱর্তিত হৈ আছে বুলি প্রকাশ কৰিছে৷ গভীৰ ক’মাত থকা প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ শ্বাস–প্রশ্বাসজনিত সংক্রমণৰ চিকিৎসা চলাই থকা হৈছে৷ ৮৪ বছৰীয়া প্রাক্তন ৰাষ্ট্রপতিগৰাকীক যোৱা ১০ আগষ্টত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভর্তি কৰোৱাৰ পৰা তেওঁৰ স্বাস্থ্য অপৰিৱর্তিত হৈ আছে৷ ধাৰাবাহিকভাৱে ভেণ্টিলেটৰৰ সমর্থনত আছে প্রাক্তন ৰাষ্ট্রপতিগৰাকী৷ মগজুৰ জটিল অস্ত্রোপচাৰৰ পূর্বে প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী প্রণৱ মুখার্জীয়ে দেশৰ ত্রয়োদশ ৰাষ্ট্রপতি হিচাপে ২০১২ চনৰ জুলাইৰ পৰা ২০১৭লৈকে কার্যনির্বাহ কৰিছিল৷