নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুৰঞ্জী প্ৰসিদ্ধ ভাদৈ টিপামত স্বচ্ছ অভিযান আৰু ডাষ্টবিন স্থাপন মেধা ফাউণ্ডেশ্যনৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ শৈক্ষিক- সামাজিক বেচৰকাৰী সংগঠন “মেধা ফাউণ্ডেশ্যন” আৰু “প্ৰতিজ্ঞা”ৰ যৌথ উদ্যোগত অসমৰ পৰ্যটনস্থলীত নৱ সংযোজন টিপাম দেওশাল থানত চাফাই অভিযানৰ লগতে ডাষ্টবিন স্হাপন কৰি স্বচ্ছতা সম্পৰ্কীয় সজাগতা অভিযান চলাই সংগঠন দুটাৰ সদস‍্যসকলে । উল্লেখযোগ্য যে বুৰঞ্জীয়ে গৰকা এই টিপাম অঞ্চললৈ দৈনিক ৫০০ ৰ পৰা ২০০০ পৰ্যন্ত পৰ্যটকৰ আগমণ হয় । পৰ্যটকৰ সমাগম বৃদ্ধি হোৱাৰ লগে লগে স্হানডোখৰ প্লাষ্টিকৰ বটল, পেকেট আদি আৱৰ্জনাৰে ভৰি পৰি টিপাম পৰ্যটনস্থলী অপৰিস্কাৰ হৈ পৰে ।

এইক্ষেত্ৰত সংগঠন দুটাৰ ২০ জনীয়া দল এটাই “আমাৰ টিপাম,স্বচ্ছ টিপাম” শীৰ্ষক শ্ল’গানেৰে টিপামত চাফাই অভিযান চলাই ডাষ্টবিন স্থাপন কৰা লগতে স্বচ্ছতাৰ সম্পৰ্কে সজাগতা মূলক প’ষ্টাৰ লগাই। আনহাতে আহোম সাম্ৰাজ‍্যৰ অস্হায়ী প্ৰথম ৰাজধানী টিপামক স্বচ্ছ কৰি ৰাখিবলৈ বেচৰকাৰী সংগঠন দুটাই ৰাইজক আহ্বান জনাই ।

ইফালে টিপামক লৈ ভৱিষ‍্যতে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি আগবঢ়াই টিপামৰ আন্তঃগাঠনি উন্নয়নৰ বাবে চৰকাৰকো আহ্বান জনাই সদস‍্যসকলে । কাৰ্যসূচীটোত ২০ জনীয়া দলটোক নেতৃত্ব দিয়ে মেধা ফাউণ্ডেশ্যনৰ সম্পাদক বিপ্লৱ কলিতা, উপাধ্যক্ষ অবিনাশ বল্লভ আৰু প্ৰতিজ্ঞাৰ সভাপতি মানস প্ৰতিম চেতিয়াই।

You might also like