নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা প্ৰাদেশিকীকৰণৰ দাবীত আছুৰ উত্তাল অৱস্থান ধৰ্মঘট

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো ২২ বছৰে প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ আছে। মহাবিদ্যালয়খনৰ কলা আৰু বাণিজ্য শাখা দুটা প্ৰাদেশীকৃত হ’ল যদিও ১৯৯৮ চনতে উচ্চতৰ মাধ্যমিক আৰু ২০০০ চনত স্নাতক শ্ৰেণী আৰম্ভ হোৱা বিজ্ঞান শাখাটোৰ জৰিয়তে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ লগতে কাষৰীয়া অৰুণাচল প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীকো উপকৃত কৰি আহিছে ।

ফলাফল দিশৰ পৰাও প্ৰায় প্ৰতি বছৰে সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰি আহিছে। তৎসত্ত্বেও বিজ্ঞান শাখাটো অসম চৰকাৰে প্ৰাদেশিকীকৰণৰ আওতালৈ ননাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকে। আজি পুৱা দহ বজাৰ পৰা কলেজখনৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অনতিপলমে কলেজখনৰ বিজ্ঞান শাখাটো প্ৰাদেশিকীকৰণৰ দাবী জনায়। আছুৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে ধৰ্মঘটস্থলী উত্তাল কৰি তোলে।

কুৰিজনৰো অধিক শিক্ষকে শিক্ষাদান কৰি অহা কলেজখনৰ বিজ্ঞান শাখাটো শীঘ্ৰে প্ৰাদেশিকীকৰণৰ দাবী জনায়। উল্লেখ্য যে পূৰ্বেৰ কংগ্ৰেছ চৰকাৰে আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মাৰ্ঘেৰিটা মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে বা বিভিন্ন সভা সমিতিত নেতা মন্ত্ৰীয়ে কৈ আহিছে যদিও সকলো ফুটকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত আজি অৱস্থান স্থলীত মাৰ্ঘেৰিটা মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে, মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক সন্থা, মাৰ্ঘেৰিটা আহোম সভাৰ বিষয়ববীয়া সকলো এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ প্ৰতিবাদকাৰীসকলে অনতিপলমে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো প্ৰাদেশিকীকৰণৰ বাবে অসমৰ শিক্ষামন্ত্ৰীক দাবী জনাইছে। বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ বিজ্ঞান শিক্ষাৰ উচ্চ শিক্ষা অনুষ্ঠিটোৰ প্ৰাদেশিকীকৰণৰ জৰিয়তে স্থায়ীকৰণৰ দাবী উত্থাপন কৰিছে সচেতন মহলে।

You might also like