মাৰ্ঘেৰিটাত গুটখা-জৰ্দাৰ বিৰুদ্ধে অভিযানঃ জব্দ বৃহৎ পৰিমাণৰ গুটখা
নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ মাৰ্ঘেৰিটাত গুটখা আৰু জৰ্দাৰ বিৰুদ্ধে প্ৰশাসনৰ ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্ঘেৰিটাত মহকুমাত নিষিদ্ধ কৰা গুটখা আৰু জৰ্দাৰ গোপনে ৰমৰমীয়া ব্যৱসায় অসাধু ব্যৱসায়ীৰ চলাই আহিছে।
আজি মাৰ্ঘেৰিটাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসৰ নিদেৰ্শত গুটখা, জৰ্দাৰ বিৰুদ্ধে খাদ্য ও অসামৰিক যোগান বিভাগে চলাইছে এক অভিযান চলায়। অভিযানকালত জব্দ কৰি বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা।
লকডাউনৰ সময়ছোৱাত মাৰ্ঘেৰিটাৰ কেইবাটাও অবৈধ গুটখা ব্যৱসায়ীয়ে অধিক মূল্যৰ বিনিময়ত বেহা চলাই আহিছিল নিষিদ্ধঘোষিত উক্ত ব্যৱসায়টো। এইক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন অধিক কঠোৰ হ’ব বুলি সূত্ৰত প্ৰকাশ।
উল্লেখ্য যে একাংশ দল-সংগঠন আৰু একাংশ বিষয়াক মেনেজ কৰি গুটখা মাফিয়াই এই বেহা চলাই আহিছে বুলি এক সূত্ৰত প্ৰকাশ।