নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঙালী ৰাজনৈতিক দল গঠনত জড়িত নহয় বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, কাজলগাঁৱত সংবাদ মেল

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে অসমত কোনো বাঙালী ৰাজনৈতিক দল গঠন কৰা কাৰ্যৰ লগত জড়িত নাই। আজি চিৰাং জিলাৰ কাজলগাঁও প্ৰেছ ক্লাবত সংবাদ মেল সম্বোধন কৰি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহানন্দ সৰকাৰ দত্তই সংগঠনটোৰ স্থিতি স্পষ্ট কৰি দিছে। ইয়াৰ পূৰ্বে কাজলগাঁৱত অনুষ্ঠিত ফেডাৰেচনৰ কাৰ্যনিৰ্বাহক সভাত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত চিন্তাচৰ্চা কৰি গ্ৰহণ কৰা সাতটা প্ৰস্তাৱ আজিৰ সংবাদ মেলত ৰাজহুৱা কৰে। সংবাদ মেলখনত উল্লিখিত প্ৰস্তাৱটোৰ লগতে অন্যান্য ছটা প্ৰস্তাৱৰ জৰিয়তে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কৰ্মকৰ্তা, ৰাইজ আৰু চৰকাৰক প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান তথা দাবী জনাইছে। ক’ভিড-১৯ৰ বাবে অতিকৈ বেয়া পৰিস্থিতিৰ মাজত দিন অতিবাহিত কৰি থকা পৰিয়ালসমূহৰ কাষত সংগঠনৰ সদস্যসকলে থিয় দিয়াৰ লগতে অসমৰ যি সকল হিন্দু বাঙালীৰ ইতিমধ্যে ক’ভিড-১৯ পজিটিভ হৈছে, তেওঁলোকক প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। খিলঞ্জীয়াৰ ভিত্তিবৰ্ষ ১৯৭১ কৰা, সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি ডিটেনচন কেম্পত আবদ্ধ হৈ থকা হিন্দু বাঙালীসকলক মুকলি কৰি দিয়া, হিন্দু বাঙালীসকলৰ সুৰক্ষাৰ বাবে বাঙালী ছেটেলাইট কাউন্সিল গঠন কৰা, ইমিগ্ৰেছন এক্সপালছন ফ্ৰম আসাম এক্ট ১৯৫০ কাৰ্যকৰী কৰা আৰু সাহিত্য, সমাজ ,সংস্কৃতি, সংবাদ জগতৰ লগত জড়িত ব্যক্তি সকলৰ লগতে দৰিদ্ৰ পৰিয়ালক চৰকাৰে ক’ভিডৰ বাবে এককালীন সাহায্য প্ৰদান কৰিব লাগে বুলি আজিৰ সংবাদ মেলৰ জৰিয়তে ফেডাৰেচনে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে । সভাপতি সৰকাৰ দত্তই হিন্দু বাঙালী সকলক লগত লৈ বৃহত্তৰ অসমীয়া জাতি গঠনত গুৰুত্ব প্ৰদান কৰা ৰাজনৈতিক দলকহে সমৰ্থন কৰিব বুলি গুৰুত্ব পূৰ্ণ মন্তব্য কৰে।সংবাদমেল খনত কেন্দ্ৰীয় সভাপতি মহানন্দ সৰকাৰ দত্তক সহযোগ কৰে ক্ৰমে  কাৰ্যকৰী সভাপতি উৎপল সৰকাৰ আৰু সাধাৰণ সম্পাদক সম্ৰাট ভাওৱালে।

You might also like