‘আশ্রফ চাচা’ৰ কাষত তেণ্ডুলকাৰ
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ এটা সময়ত শচীন তেণ্ডুলকাৰৰ বেয়া হোৱা বেট মেৰামতি কৰি ক্রিকেটৰ ভগৱানক সহায় কৰা আশ্রফ চাচা এতিয়া চিকিৎসালয়ৰ বিছনাত৷ মধুমেহকে ধৰি কেইবাটাও গুৰুতৰ ৰোগত আক্রান্ত বেট নির্মাতাগৰাকী যোৱা ১২ দিন ধৰি মুম্বাইৰ ছাভলা হাস্পতালত মৃত্যুৰে যুঁজি আছে৷ এই খবৰ লাভ কৰি আশ্রফ চাচাৰ ওচৰত আজি উপস্থিত হয় ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ৷ ক্রিকেট খেলি থকা সময়ত বেয়া হোৱা বেটখন নির্মাণ কৰিবলৈ প্রায়ে আশ্রফ চাচাৰ ওচৰলৈ অহা শচীনে তেওঁৰ চিকিৎসাৰ সকলো ব্যয় বহন কৰাৰ লগতে পৰিয়ালৰো চোৱাচিতাৰ ব্যৱস্থা গ্রহণ কৰিছে৷
উল্লেখ্য যে ক্রিকেট মহলত আশ্রফ চাচা নামেৰে জনাজাত আশ্রফ চৌধুৰী নামৰ প্রখ্যাত বেট নির্মাতাগৰাকীয়ে তেণ্ডুলকাৰৰ উপৰি বিৰাট কোহলি, অষ্ট্রেলিয়ান তাৰকা ষ্টিভেন স্মিথ, ৱেষ্ট ইণ্ডিজৰ বিস্ফোৰক বেটছমেন ক্রিছ গেইল আৰু কিৰণ পোলার্ডৰো বেট মেৰামতি কৰিছে৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় আৰু আই পি এলৰ মেচৰ সময়ত নিয়মীয়াকৈ উপস্থিত থকা ব্যক্তিগৰাকীয়ে ক্রিকেটৰ প্রতি থকা অনুৰাগৰ বাবে তেণ্ডুলকাৰকে ধৰি বিশ্বৰ অধিকাংশ ক্রিকেট তাৰকাৰ মৰমৰ বেটখন বিনামূলীয়াকৈ মেৰামতি কৰি দিছিল৷ ইয়াৰ বাবে তেওঁ ক্রিকেট মহলত আশ্রফ চাচা হিচাপে পৰিচিত হৈ পৰে৷ শেহতীয়াকৈ মহামাৰীয়ে তেওঁৰ ব্যৱসায় আৰু স্বাস্থ্যৰ অৱনতি ঘটাইছে৷ এই দুর্যোগৰ সময়ত আশ্রফ চাচাৰ কাষত থিয় দি ক্রিকেটৰ ভগৱান তেণ্ডুলকাৰে পুনৰ এবাৰ মানৱপ্রেমৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিলে৷