ঘিলামৰাত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৬ আগষ্টঃ ঘিলামৰা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ সমীপৰ এগৰাকী ৫২ বছৰীয়া ব্যক্তিৰ মহামাৰী ক’ভিড পজিটিভ হৈ মৃত্যু হোৱাত ঘিলামৰাত চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে, ঘিলামৰা লেলুৱনি গাঁৱৰ বাসিন্দা তথা প্ৰাক্তন সেনা জোৱান ৰোহিণী বৰগোহাঁই তীব্ৰ জ্বৰত আক্ৰান্ত হৈ ঘিলামৰা যোৱা ২৫ আগষ্ট বিয়লি ঘিলামৰা প্ৰাথমিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে ভৰ্তি কৰায়।
ঘিলামৰা খণ্ড চিকিৎসালয়ৰ চিকিৎসকে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি ৰেপিড এন্টিজেন টেষ্ট কৰোৱাত ফলাফল পজিটিভ হোৱাৰ লগতে শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট পাই থকাৰ বাবে ১০৮ সেৱা যোগে কালি সন্ধিয়াই লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে পৰীক্ষা কৰি উন্নত চিকিৎসাৰ বাবে আক্ৰান্ত লোকজনক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। জানিব পৰা মতে, চিকিৎসাধীন হৈ থকা অৱস্থাতে ৰোহিণী বৰগোহাঁইৰ মৃত্যু হয়।
ঘিলামৰা খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ দাঁতিতে থকা লেলুৱনি গাঁৱৰ এই লোকজনৰ মৃত্যু হোৱাত ঘিলামৰাত উত্তেজনা অব্যাহত আছে। ইফালে লোকজনে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী জীয়ৰী এৰি থৈ যায় ।