নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুমলীগড়ৰ শংকৰ বৰুৱা সেতুত বৃহৎ ফাট

নিয়মীয়া বার্তা, ১ ডিচেম্বৰঃ গোলাঘাট জিলাৰ বোকাখাত বিধানসভা সমষ্টিৰ অন্তর্গত নুমলীগডৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ধনশিৰি নদীৰ ওপৰৰ ‘বিপ্লৱী বীৰ শংকৰ বৰুৱা সেঁতু’ত পৰিলক্ষিত হৈছে বৃহৎ ফাট ৷ উজনি–নামনি যোগাযোগ প্রধান মাধ্যমৰূপে পৰিচিতস্থল পথটোৰ এই দলংখনত বিভিন্ন সময়ত সৰু–বৰ বহুতো দুর্ঘটনা সংঘটিত হৈ আহিছে ৷ কিন্তু, ইমানৰ পাছতো চৰকাৰ–প্রশাসন কিম্বা সংশ্লিষ্ট বিভাগৰ গা নলৰিল ৷ ইয়াৰ ফলশ্রুতিত সমস্যা সমস্যা হৈয়ে ৰৈ গৈছে আৰু যমৰ যাতনা ভুগিব লগাত পৰিছে ৰাইজ ৷ ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰ গৃহ সমষ্টিতে ৰাইজে এনে সমস্যাৰ সন্মুখীন হৈ পৰাত মন্ত্রীগৰাকীৰ ভূমিকাৰ প্রতিও সন্দিহান হৈ পৰা বুলি এতিয়া চৌদিশে প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ সমস্যা সম্পর্কে নুমলীগড উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক মহেন শইকীয়াই কয় ‘সত্তৰৰ দশকতে নির্মাণ কৰা হৈছিল দলংখন ৷ তাৰ তলেদিয়ে অইলৰ পাইপলাইন গেছে৷ এবাৰ বোমা বিস্ফোৰণত দলংখনৰ কিছু ক্ষতি হৈছিল ৷ তেতিয়া পাইপখিনি ঠিকঠাক কৰিলে যদিও দলংখন তেতিয়াৰে পৰা একেই অৱস্থাত আছে ৷ দলংখনত কেইবা ঠাইতো সম্প্রতি ফাট মেলিছে ৷

You might also like