নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’মাৰ বাতৰি নস্যাৎ কৰি উত্তৰ কোৰিয়াৰ প্রচাৰ; সংবাদ মাধ্যমত কিম জং উনৰ আলোকচিত্র

নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ দক্ষিণ কোৰিয়াৰ কূটনীতিকে উত্তৰ কোৰিয়াৰ শাসক কিম জং উন ক’মাত থকা বুলি দাবী কৰাৰ এদিন পিছতেই উত্তৰ কোৰিয়াৰ চৰকাৰে নতুন আলোকচিত্র প্রকাশ কৰিলে কিম জং উনৰ৷ এই আলোকচিত্রখনত কিম জং উনক ৱর্কার্ছ পার্টীৰ পলিট ব্যুৰ’ৰ বৈঠকত উপস্থিত থকা দেখা পোৱা গৈছে৷ উত্তৰ কোৰিয়াৰ চৰকাৰী সংস্থা কোৰিয়ান চেণ্ড্রেল নিউজ এজেন্সীত প্রকাশিত আলোকচিত্রখনত কিম জং উনৰ উপস্থিতিৰ লগতে এই বৈঠকতে মহামাৰী ক’ৰোনা ভাইৰাছ আৰু সাগৰীয় ঘূর্ণিক লৈ চৰকাৰৰ বিষয়াসকলক সজাগ আৰু সচেতন হ’বলৈ শাসকগৰাকীয়ে নির্দেশ দিয়া বুলিও কোৱা হৈছে৷

উল্লেখ্য যে দক্ষিণ কোৰিয়াৰ কূটনীতিক ছাং ছং মিনে উত্তৰ কোৰিয়াৰ শাসকগৰাকী ক’মাত থকা বুলি উল্লেখ কৰি দেশখনৰ শাসনভাৰ কিমৰ ভগ্ণী কিম য়’ জঙৰ হাতত অর্পণ কৰা বুলি দাবী কৰিছিল৷ তাৎপর্যপূর্ণ যে ইয়াৰ পূর্বেও কিম জং উনৰ মৃত্যু ঘটা বুলি আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত বাতৰি প্রচাৰ হৈছিল৷ কিন্তু শাসকগৰাকী পুনৰ ৰাজহুৱা সভাত উপস্থিত থাকি সেই বাতৰিৰ সত্যতা নাকচ কৰিছিল৷ উল্লেখ্য যে শাসক কিমৰ এনে লুকাভাকু এক আচৰণৰ ভিতৰতেই পৰে৷

You might also like