নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠোৰ লকডাউনৰ বাবে সমস্যা হৈছে দেশৰ অর্থনীতিতঃ ছুপ্রিম ক’ৰ্ট

সময়মতে শপতনামা দাখিল নকৰাত কেন্দ্রক ভর্ৎসনা

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ  সাময়িকভাৱে ঋণৰ কিস্তি স্থগিত ৰখাৰ সময়ছোৱা (মোৰেটৰিয়াম)ত সুদ ৰেহাই দিয়া তথা অতিৰিক্ত সুদ আৰোপ কৰা সন্দর্ভত সময়মতে শপতনামা দাখিল নকৰাৰ বাবে আজি কেন্দ্রীয় চৰকাৰক তীব্র ভর্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে৷ এই প্রসংগত কেন্দ্রীয় চৰকাৰে কঠোৰ লকডাউন বলৱৎ কৰাৰ বাবে দেশৰ অর্থনীতিত সমস্যাৰ উদ্ভৱ হোৱা বুলিও উচ্চতম ন্যায়ালয়ে মত ব্যক্ত কৰিছে৷ গজেন্দ্র শর্মা নামৰ ব্যক্তি এজনে দাখিল কৰা এখন আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ সঞ্জয় কিষাণ ক’ল আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ তিনিজনীয়া বিচাৰপীঠখনে সাময়িকভাৱে ঋণৰ কিস্তি ৰেহাই দিয়াৰ সময়ছোৱাতো বেংকসমূহে গ্রাহক তথা ঋণ গ্রহণকাৰীসকলৰ পৰা কিয় অতিৰিক্ত সুদ আদায় লৈছে তাক লৈ প্রশ্ণ তোলে৷ এই ক্ষেত্রত চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ কোৱা হৈছে৷ তিনিজনীয়া খণ্ড বিচাৰপীঠখনে কয় যে আপোনালোকে (কেন্দ্রীয় চৰকাৰ) বলৱৎ কৰা লকডাউনৰ বাবে সমস্যাৰ সৃষ্টি হৈছে৷ কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে ইয়াৰ ৰিজার্ভ বেংকে এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিছে৷ কিন্তু আমি ৰিজার্ভ বেংকৰ পৰা ইতিমধ্যে উত্তৰ লাভ কৰিছোঁ৷ আপোনালোকে ৰিজার্ভ বেংকক ঢ়াল বনোৱাৰ চেষ্টা কৰিছে৷ দেশৰ বর্তমান অর্থনৈতিক পৰিস্থিতিত উদ্বেগ ব্যক্ত কৰি তিনিজনীয়া খণ্ড বিচাৰপীঠখনৰ অন্যতম সদস্য ন্যায়াধীশ এম আৰ শ্বাহে কয় যে এতিয়া কেন্দ্রীয় চৰকাৰৰ ব্যৱসায়ক লৈ চিন্তা কৰাৰ সময় নহয়৷ আজি কেন্দ্রীয় চৰকাৰৰ হৈ দেশৰ সর্বোচ্চ ন্যায়ালয়ত উপস্থিত আছিল ছলিছিটৰ জেনেৰেল তুষাৰ মেহতা৷ সাময়িকভাৱে ঋণৰ কিস্তি ৰেহাই দিয়া সন্দর্ভত কেন্দ্রীয় চৰকাৰে বর্তমান পর্যন্ত কিয় শপতনামা দাখিল কৰা নাই, সেই বিষয়ে উচ্চতম ন্যায়ালয়ে ছলিছিটৰ জেনেৰেল মেহতাৰ পৰা জানিব বিচাৰে৷ ইয়াৰ উত্তৰ ছলিছিটৰ জেনেৰেল মেহতাই শপতনামা দাখিলৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা এসপ্তাহৰ সময় বিচাৰে৷ উল্লেখ্য যে ৰিজার্ভ বেংকে ইতিপূর্বে বেংক আৰু অন্য বিত্তীয় প্রতিষ্ঠানসমূহক সাময়িকভাৱে ঋণৰ কিস্তি ৰেহাই দিবলৈ অনুমতি প্রদান কৰিছিল৷ অহা ৩১ আগষ্টত এই সময়সীমা উকলি যাব৷ ইয়াৰ জৰিয়তে যান–বাহন, গৃহ, ব্যক্তিগত, কৃষি, শস্য আদিৰ দৰে ঋণসমূহৰ কিস্তি সাময়িকভাৱে স্থগিত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু একাংশ বেংকে এই নির্দেশনা উলংঘা কৰাৰ উপৰি অতিৰিক্তভাৱে সুদ আদায় লোৱাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ত ৰুজু কৰা হৈছিল এটা গোচৰ৷ এই গোচৰটো সন্দর্ভতে উচ্চতম ন্যায়ালয়ে আজি কেন্দ্রীয় চৰকাৰক এইদৰে সমালোচনা কৰে৷ লগতে বিষয়টোত হস্তক্ষেপ কৰিবলৈ কেন্দ্রীয় চৰকাৰক নির্দেশ দিয়ে৷ উচ্চতম ন্যায়ালয়ে পৰৱর্তী দিন ধার্য কৰিছে অহা ১ ছেপ্ঢেম্বৰ৷ এই সময়ছোৱাৰ ভিতৰতে কেন্দ্রীয় চৰকাৰে শপতনামা দাখিল কৰিব লাগিব৷

You might also like