নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হঠাৎ দুখন জিলাৰ শিক্ষকৰ এণ্টিজেন টেষ্ট বন্ধ ঘোষণা

শিৱসাগৰ–গোলাঘাট

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ  কেন্দ্রৰ পৰা অনুমতি লাভ কৰিলেই অহা ১ ছেপ্টেম্বৰৰ পৰা পর্যায়ক্রমে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ লক্ষ্য আগত ৰাখি স্বাস্থ্য বিভাগে প্রতিখন শিক্ষানুষ্ঠানৰ শিক্ষক–কর্মচাৰীসকলক এণ্টিজেণ্ট টেষ্টৰ নির্দেশ দিছিল৷ ২১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত আটাইকে বাধ্যতামূলকভাৱে এণ্টিজেণ্ট টেষ্ট কৰাবলৈ নির্দেশ দিয়া হৈছিল৷ কিন্তু শেহতীয়াকৈ বিভিন্ন জিলাত শিক্ষক–কর্মচাৰীসক্ এণ্টিজেণ্ট টেষ্ট স্বয়ং প্রশাসনেই বন্ধ কৰাৰ নির্দেশ দিছে৷ শিৱসাগৰ জিলা প্রশাসনে তৎকালে পুনৰ নির্দেশ নিদিয়া পর্যন্ত শিক্ষক আৰু শিক্ষানুষ্ঠানৰ কর্মচাৰীসকলৰ এণ্টিজেণ্ট টেষ্ট বন্ধ ৰাখিবলৈ স্বাস্থ্য বিভাগৰ বিষয়াবর্গক জৰুৰী নির্দেশ দিছে৷ সেইদৰে গোলাঘাট জিলাটো শিক্ষক–কর্মচাৰীৰ এণ্টিজেণ্ট টেষ্ট বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে৷ ভিটিএমৰ নাটনিৰ পৰিপ্রেক্ষিতত শিক্ষক–কর্মচাৰীসকলক এণ্টিজেণ্ট টেষ্ট অস্থায়ীভাৱে স্থগিত ৰাখিবলৈ গোলাঘাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকে বুধবাৰে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদর্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়াক নির্দেশ দিয়ে৷ ইপিনে মাধ্যমিক আৰু প্রাথমিক শিক্ষা বিভাগৰ প্রধান সচিবে এক নির্দেশযোগে অহা ৩০ আগষ্টৰ ভিতৰত প্রতিখন শিক্ষানুষ্ঠান পৰিষ্কাৰ কৰাৰ লগতে ছেনিটাইজ কৰিবলৈ নির্দেশ দিছে৷ তদুপৰি প্রতিখন শিক্ষানুষ্ঠানত পানী যোগান ব্যৱস্থাও যিকোনো প্রকাৰে ৩০ আগষ্টৰ ভিতৰত সুচল কৰিবলৈ নির্দেশ দিয়া হৈছে৷ শিক্ষা বিভাগৰ পৰা এই নির্দেশ লাভ কৰাৰ পিছতেই জিলাই জিলাই শিক্ষা বিভাগে শিক্ষানুষ্ঠান পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ লগতে ছেনিটাইজ কৰাৰ কামত ব্যস্ত হৈ পৰিছে৷ উল্লেখ্য যে যোৱা মার্চ মাহৰ মাজভাগৰ পৰাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ ক’ভিড–১৯ আৰু লকডাউনৰ বাবে বিগত ৫ মাহৰো অধিক কাল ধৰি বন্ধ হৈ আছে৷ এতিয়া কেন্দ্রীয় চৰকাৰে যদি অহা ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ নির্দেশ দিয়ে, অসমতো যাতে লগে লগে শিক্ষানুষ্ঠানসমূহ খুলিব পৰা যায় তাৰেই অংশ হিচাপে শিক্ষা বিভাগে এই পদক্ষেপ গ্রহণ কৰিছে৷

You might also like