আজিৰ পৰা বৰাকত ৯দিনীয়া লকডাউন
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত দ্রুতগতিত বৃদ্ধি পাইছে ক’ৰোনা আক্রান্তৰ সংখ্যা৷ ইয়াৰ বাবে আজিৰ পৰা ৪ ছেপ্টেম্বৰলৈকে বৰাক উপত্যকাত লকডাউন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ এই লকডাউন সন্দর্ভত ৰাজ্য চৰকাৰৰ হৈ তিনিওখন জিলাৰ উপায়ুক্তই চৰকাৰী কিছু বিধি–নিষেধ জাৰি কৰিছে৷ উল্লেখ্য যে বৰাকত ক’ভিড–১৯ আক্রান্তৰ সংখ্যা ৯,৩৪৯লৈ বৃদ্ধি পাইছে৷ ইয়াৰ ভিতৰত ২,৮৭৮জন চিকিৎসাধীন, ৬,৪২৯জন সুস্থ হৈ ঘৰলৈ গৈছে আৰু ৫৩জনৰ মৃত্যু হৈছে৷ উল্লেখ্য যে যোৱা কেইদিনমান ধৰি বৰাকত ভয়াৱহ ৰূপত হৈ আছে সংক্রমণ৷ আক্রান্তসকলৰ বহুতৰে নাই ড্রেভেল হিষ্ট্রী৷ সেয়েহে গণ সংক্রমণ ৰোধ কৰিবলৈ তিনিওখন জিলাৰ উপায়ুক্তই লকডাউন ঘোষণা কৰিবলৈ বাধ্য হয়৷ ইপিনে, বৰাকৰ লকডাউন সন্দর্ভত ৰাজ্য চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই এক নির্দেশত জনায় যে উপায়ুক্তসকলে পৰিস্থিতিৰ বুজ লৈ নিজাকৈ লকডাউন ঘোষণা কৰিব পাৰিব৷ এইক্ষেত্রত চৰকাৰৰ কোনো বাধ্যবাধকতা নাই৷