নিয়মীয়া বাৰ্তা ২৮ আগষ্টঃ ডিৰেক্টৰেট জেনেৰেল নেচনেল কেডেট ক’পছ (ডিজিএনচিচি) ম’বাইল ট্রেইনিং এপ আজি মুকলি কৰে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ কালি মুকলি কৰা ডিজিএনচিচি এপৰ জৰিয়তে দেশজুৰি অনলাইনযোগে এনচিচি কেডেটৰ প্রশিক্ষণ দিয়া হ’ব৷ উল্লেখ্য যে ক’ভিড–১৯ নির্দেশনাৰ বাবেই এনচিচি কেডেটসকলৰ প্রশিক্ষণত নেতিবাচক প্রভাৱ পৰিছে৷ ভৱিষ্যতে কেতিয়ালৈ শৈক্ষিক প্রতিষ্ঠানসমূহ পুনৰ স্বাভাৱিক হ’ব, সেই সন্দর্ভত অনিশ্চয়তা এতিয়াও বাহাল থকাৰ প্রতি লক্ষ্য ৰাখি ডিজিটেল মাধ্যমেৰে এনচিচি কেডেটসকলক প্রশিক্ষণ দিয়া হ’ব৷ এই লক্ষ্যৰেই এপটো মুকলি কৰা হৈছে৷
ভিডিঅ’ কনফাৰেন্সিং যোগে এপটো মুকলি কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে এনচিচি কেডেটসকলৰ সৈতে বার্তালাপ কৰে৷ এই বার্তালাপত মন্ত্রীগৰাকীয়ে কেডেটসকলে সোধা বিভিন্ন প্রশ্ণৰ উত্তৰ দিয়ে৷ জীৱনৰ সকলো ক্ষেত্রতে যাতে কেডেটসকলে সফলতাৰে আগবাঢ়ি যাব পাৰে, তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷