নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত পুনৰ LOCK DOWN!

কিয় আৰু কেতিয়াৰ পৰা LOCK DOWN!

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ ৰাজ্যত হ’ব নেকি পুনৰ লক ডাউন? সমগ্ৰ ৰাজ্যতে দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে বৃদ্ধি হৈছে মৃত্যুৰ সংখ্যাও। ৰাজ্যত প্ৰায় লাখৰ ঘৰ অতিক্ৰম কৰাৰ দিশে আক্ৰান্তৰ সংখ্যা।

এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে লক ডাউল খুলি দিয়া পাছতেই জনসাধাৰণৰ মাজত সজাগতা নোহোৱা হ’ল। বহু ঠাইত মানুহে মাস্কখন পিন্ধিবলৈও বেয়া পায়। দেশৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমত মৃত্যুৰ হাৰ কম যদিও বিগত কেইদিনত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। ৬০-৭০ উৰ্ধ্বৰ নহয় অতি কম বয়সীয়া লোকৰো মৃত্যু হৈছে ক’ৰোনাত। এদিনত ৭ৰ পৰা ১০জন লোকৰ মৃত্যু ঘটিছে। বৰাক উপত্যকাতো বৃদ্ধি পাইছে মৃত্যুৰ হাৰ। এই ক্ষেত্ৰত সাৱধানত অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়।

যদিহে জনসাধাৰণে ক’ৰোনাৰ নীতি-নিয়মসমূহ মানি নচলে, সামাজিক দূৰত্বকে ধৰি মাস্ক ব্যৱহাৰ নকৰে, আক্ৰান্তৰ সংখ্যা যদি নকমে তেন্তে ৰাজ্য চৰকাৰে পুনৰ লক ডাউনৰ কথা চিন্তা কৰিব বুলিও মন্তব্য কৰে মুখ্য সচিবগৰাকীয়ে।

You might also like