নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ তামিলনাডু কংগ্রেছ কমিটীৰ কার্যকৰী সভাপতি তথা কন্যাকুমাৰীৰ সাংসদ এইচ বসন্ত কুমাৰৰ শুকুৰবাৰে সন্ধিয়া মৃত্যু হয়৷ ৭০ বছৰীয়া কংগ্রেছ সাংসদ বসন্ত কুমাৰৰ চেন্নাইৰ এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে৷
কন্যাকুমাৰী জিলাৰ আগাথিচৰমত ১৯৫০ চনৰ ১৪ এপ্রিলত জন্মগ্রহণ কৰা বসন্ত কুমাৰে তামিলনাডু বিধানসভালৈ ২০০৬ চনত প্রথমবাৰৰ বাবে নাংগুনেৰীৰ পৰা নির্বাচিত হৈছিল৷ ২০১৯ চনত লোকসভা নির্বাচনত বিজেপিৰ প্রার্থী পন ৰাধাকৃষ্ণনক পৰাজিত কৰি প্রথমবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাপে নির্বাচিত হয়৷